Begin typing your search above and press return to search.

বহিঃৰাজ্যত আবদ্ধ এক লাখ লোক অসমলৈ আহিলঃ মন্ত্ৰী শৰ্মা

বাকী থকা এক লাখ লোকো অসম অভিমুখে ৰাওনা হৈছে বুলি তেওঁ জনায়

বহিঃৰাজ্যত আবদ্ধ এক লাখ লোক অসমলৈ আহিলঃ মন্ত্ৰী শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 May 2020 1:18 PM GMT

বহিঃৰাজ্যত আবদ্ধ এক লাখ লোক অসমলৈ আহিলঃ মন্ত্ৰী শৰ্মা

দেশজোৰা তলাবন্ধৰ ফলত বহিঃৰাজ্যত আবদ্ধ এক লাখ লোক বিগত কিছুদিনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই কয় যে তলাবন্ধৰ ফলত ৰাজ্যৰ দুই লক্ষ লোক দেশৰ বিভিন্ন স্থানত আবদ্ধ হৈ পৰে। ইয়াৰে এক লাখ অসমত উপস্থিত হৈছে। বাকী থকা এক লাখ লোকো অসম অভিমুখে ৰাওনা হৈছে বুলি তেওঁ জনায়। মন্ত্ৰীজনে লগতে কয় যে গৃহাভিমুখী হবলৈ বহিঃৰাজ্যত আবদ্ধ অসমৰ দুই লাখ লোকে চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰায়। ইয়াৰে এক লাখ লোক ইতিমধ্যে অসমত উপস্থিত হৈছে। অৱশ্যে তলাবন্ধ শিথিল কৰি দিয়াৰ ফলত উদ্যোগ-প্ৰতিষ্ঠানসমূহ মুকলি হবলৈ ধৰাত বহিঃৰাজ্যৰ পৰা ঘৰলৈ আহিবলৈ বিচৰা লোকৰ সংখ্যা হ্ৰাস পাব বুলি মন্ত্ৰীজনে আশা প্ৰকাশ কৰে। আনহাতে, তেওঁ কয় যে আজিৰ পৰা দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া কিতাপ বিতৰণ আৰম্ভ হৈছে। তদুপৰি অহা১০ জুনৰ পৰা ১০-১২ শ্ৰেণী আৰম্ভ কৰাৰ চিন্তা কৰা হৈছে বুলিও মন্ত্ৰী শৰ্মাই সদৰী কৰে।

Next Story