ৰাজ্যত বানত আৰু এজনৰ মৃত্যুঃ চাৰিখন জিলাৰ ৩৬হেজাৰ লোক ক্ষতিগ্ৰস্ত

যোৰহাট, ধেমাজি, শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ ৯৯খন গাঁৱৰ ৩৬,৭০৭ জন লোক ক্ষতিগ্ৰস্ত হৈছে।
ৰাজ্যত বানত আৰু এজনৰ মৃত্যুঃ চাৰিখন জিলাৰ ৩৬হেজাৰ লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত বানত আৰু এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে ।চলিত বাৰিষাৰ এই দ্বিতীয়টো বানত চাৰিখন জিলাৰ কমেও ৩৬হেজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি শিৱসাগৰ জিলাৰ নাজিৰাত এজন ব্যক্তিৰ বানত মৃত্যু হৈছে। ্দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে যোৰহাট, ধেমাজি, শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ ৯৯খন গাঁৱৰ ৩৬,৭০৭ জন লোক ক্ষতিগ্ৰস্ত হৈছে। কেৱল শিৱসাগৰ আৰু ধেমাজি জিলাতে ৪,৩২৯ হেক্টৰ কৃষিভূমি বানৰ পানীত বুৰ গৈ আছে। ইতিমধ্যে বান ক্ষতিগ্ৰস্তৰ বাবে ধেমাজি আৰু শিৱসাগৰ জিলাত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। এই আশ্ৰয় শিবিৰসমূহত ১,০৭১জন বানাক্ৰান্তই আশ্ৰয় লৈছে। ইপিনে, এই বানত আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হৈছে। শিৱসাগৰ সন্তক বজাৰত দিখৌ নৈয়ে মতাউৰি ভাঙিছে। একেদৰে দিচাং নৈৰ বাঢ়নী পানীত গৰিয়া গাঁৱত মথাউৰিৰ ক্ষতিসাধন হৈছে। আনহাতে, কেতবোৰ স্থানত নৈৰ গৰাখহনীয়াও আৰম্ভ হৈছে। ডিব্ৰুগড়ত খহনীয়াগ্ৰস্ত ১১ জন লোক আশ্ৰয় শিবিৰত ভৰ্তি হৈছে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com