Begin typing your search above and press return to search.

লকডাউন ৪.০ঃ চৰকাৰী কাৰ্যালয়ত সকলো কৰ্মচাৰীৰ ১০০% উপস্থিতি বাধ্যতামূলক

Assam govt

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 May 2020 5:47 AM GMT

লকডাউন ৪.০ঃ চৰকাৰী কাৰ্যালয়ত সকলো কৰ্মচাৰীৰ ১০০% উপস্থিতি বাধ্যতামূলক

১৮ মে'ৰ পৰা দেশত বলবৎ হৈছে ‌লকডাউন ৪.০৷. ইয়াৰ মাজতে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগ (GAD)ৰ আয়ুক্ত তথা সচিবে সোমবাৰে নিৰ্দেশ জাৰি কৰে যে ৰাজ্যৰ সচিবালয়সহ সকলো চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ ১০০% উপস্থিতি অনিবাৰ্য। অৱশ্যে সূত্ৰ অনুসৰি জনতা ভৱনত জনসাধাৰণৰ প্ৰৱেশ এতিয়াও নিষিদ্ধ আছে ।

GAD য়ে নিম্ন লিখিত নীতি নিৰ্দেশনা সমূহ ৩১মে' ২০২০ লৈ পালনৰ বাবে নিৰ্দেশ জাৰি কৰিছেঃ

১৭ মে'ত গৃহ মন্ত্ৰালয়ে জাৰি কৰা নতুন নীতি-নিৰ্দেশনাসমূহ জিলা উপায়ুক্ত, মহকুমাধিপতি, ৰাজ্যৰ কৰ্মী প্ৰশাসনৰ আয়ুক্ত আদিকে ধৰি সকলোৱে পালন কৰাটো বিচাৰে ৰাজ্য চৰকাৰে।

সেই অনুসৰি সকলো ৰাজপত্ৰিত বিষয়াই পুৱা ৯.৩০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১০০% কৰ্মচাৰীসহ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।

সকলো কৰ্মচাৰী ( গ্ৰেড ৩ আৰু গ্ৰেড ৪) নিয়ম অনুসৰি কৰ্ম-সময় অনুসৰি কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।

৫০% কৰ্মচাৰীয়ে পুৱা ৯.৩০ বজাত কাৰ্যালয়ত উপস্থিত হ'ব লাগিব আৰু ৩.৩০-ত কাৰ্যালয় এৰিব লাগিব। এই নিয়মত মহিলা কৰ্মচাৰী আৰু দিব্যাংগ কৰ্মচাৰীসকলকো অন্তৰ্ভুক্ত কৰা হ'ব ।আনহাতে, ৫০% ই পুৱা ১১.৩০ বজাত কাৰ্যালয়ত উপস্থিত হ'ব লাগিব আৰু ৫.৩০ বজাত কাৰ্যালয় এৰিব লাগিব ।

অৱশ্যে এই নীতি-নিৰ্দেশনা সমূহ জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মচাৰী সকলৰ বাবে প্ৰযোজ্য নহয় ।১৮ মে'ৰ পৰা দেশত বলবৎ হৈছে ‌লকডাউন ৪.০৷. ইয়াৰ মাজতে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগ (GAD)ৰ আয়ুক্ত তথা সচিবে সোমবাৰে নিৰ্দেশ জাৰি কৰে যে ৰাজ্যৰ সচিবালয়সহ সকলো চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ ১০০% উপস্থিতি অনিবাৰ্য। অৱশ্যে সূত্ৰ অনুসৰি জনতা ভৱনত জনসাধাৰণৰ প্ৰৱেশ এতিয়াও নিষিদ্ধ আছে ।

GAD য়ে নিম্ন লিখিত নীতি নিৰ্দেশনা সমূহ ৩১মে' ২০২০ লৈ পালনৰ বাবে নিৰ্দেশ জাৰি কৰিছেঃ

১৭ মে'ত গৃহ মন্ত্ৰালয়ে জাৰি কৰা নতুন নীতি-নিৰ্দেশনাসমূহ জিলা উপায়ুক্ত, মহকুমাধিপতি, ৰাজ্যৰ কৰ্মী প্ৰশাসনৰ আয়ুক্ত আদিকে ধৰি সকলোৱে পালন কৰাটো বিচাৰে ৰাজ্য চৰকাৰে।

সেই অনুসৰি সকলো ৰাজপত্ৰিত বিষয়াই পুৱা ৯.৩০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১০০% কৰ্মচাৰীসহ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।

সকলো কৰ্মচাৰী ( গ্ৰেড ৩ আৰু গ্ৰেড ৪) নিয়ম অনুসৰি কৰ্ম-সময় অনুসৰি কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।

৫০% কৰ্মচাৰীয়ে পুৱা ৯.৩০ বজাত কাৰ্যালয়ত উপস্থিত হ'ব লাগিব আৰু ৩.৩০-ত কাৰ্যালয় এৰিব লাগিব। এই নিয়মত মহিলা কৰ্মচাৰী আৰু দিব্যাংগ কৰ্মচাৰীসকলকো অন্তৰ্ভুক্ত কৰা হ'ব ।আনহাতে, ৫০% ই পুৱা ১১.৩০ বজাত কাৰ্যালয়ত উপস্থিত হ'ব লাগিব আৰু ৫.৩০ বজাত কাৰ্যালয় এৰিব লাগিব ।

অৱশ্যে এই নীতি-নিৰ্দেশনা সমূহ জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মচাৰী সকলৰ বাবে প্ৰযোজ্য নহয় ।


অন্য খবৰ‌ পঢ়ক : লক-ডাউনৰ সময়ত বিশেষ যাত্ৰীবাহী ৰেলেৰে উত্তৰ-পূবলৈ আহিল ৫ হেজাৰ লোক


Next Story