Begin typing your search above and press return to search.

দশম মৃত্যু তিথিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক সোঁৱৰণ

বিভিন্ন জনপ্ৰিয় বোলছবি যেনে আৰোপ, এক পল আৰু ৰুদালিৰ বাবেও গীত ৰচনা কৰিছিল শিল্পীগৰাকীয়ে

দশম মৃত্যু তিথিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক  সোঁৱৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Nov 2021 10:56 AM GMT

আজি ০৫ নৱেম্বৰ, ২০২১ত কালজয়ী কণ্ঠশিল্পী ড. ভূপেন হাজৰিকাৰ ১০তম্ মৃত্যুবাৰ্ষিকী। প্ৰবাদপ্ৰতীম শিল্পীগৰাকীৰ জন্ম হৈছিল অসমৰ শদিয়াত ০৮ ছেপ্তেম্বৰ, ১৯২৬-ত। ১০গৰাকী ভাই - ভনীৰ মাজত জ্যেষ্ঠ ডঃ হাজৰিকাক সংগীতৰ সৈতে চিনাকি কৰিছিল তেওঁৰ মাতৃয়ে। জীৱনৰ আৰম্ভণিৰে পৰা তেওঁৰ চাৰিও দিশ সংগীতেৰে পোহৰাই তুলিছিল। এই সকলোৰে পৰা অনুপ্ৰাণিত হৈ শিল্পীগৰাকীয়ে নিজৰ প্ৰথমটো গীত মুকলি কৰিবোলৈ সক্ষম হৈছিল ১৩বছৰ বয়সতে।

সংগীত ৰচনাৰ দক্ষতাই বিশিষ্ট সঙ্গীতকাৰ যেনে বিষ্ণু প্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক তেওঁৰ প্ৰতি আকৃষ্ট কৰিছিল। তেওঁলোকৰ সংগত হাজৰিকাই সংগীতৰ দিশত আৰু উন্নতি সাধন কৰিছিল আৰু অচিৰেই তেওঁৰ সঙ্গীত অতিকৈ জনপ্ৰিয় হৈ পৰিছিল। পৰবৰ্তী সময়ত তেওঁ বিশ্ববাসীৰ সন্মুখত এগৰাকী গীত লেখক, গায়ক, কবি আৰু চলচ্চিত্ৰ নিৰ্মাতা হিচাপে পৰিচিত হৈ উঠিছিল। তেওঁৰ গীত সমূহৰ জৰিয়তে প্ৰকাশ পাইছিল কলা আৰু সংস্কৃতিৰ প্ৰতি গঢ়ী উঠা তেওঁৰ ভালপোৱা।



১৯৭৫চনত ভূপেন হাজৰিকা দেৱক বেষ্ট মিউজিক দিৰেক্টৰ হিচাপে নেচনেল ফিল্ম এৱাৰ্ডৰ দ্বাৰা সন্মানিত কৰা হৈছিল। ১৯৮৭ছবিত তেওঁক সন্মানিত কৰা হৈছিল সংগীত নাটক অকাডেমী বঁটাৰে। আৰু তেওঁৰ মৃত্যুৰ পাছত ২০১৯চনত তেওঁক যশস্বী ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল।

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত ১৯৪৪চনত স্নাতক ডিগ্ৰী তথা ১৯৪৬ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। সঙ্গীতকাৰ হিচাপে নিজৰ জীৱন আৰম্ভ কৰাৰ পূৰ্বে হাজৰিকা দেৱে কলম্বিয়া বিশ্ববিদ্যালয়, নিউয়ৰ্কৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।



নিউয়ৰ্কৰ সময়চোৱাত তেওঁৰ চিনাকী হৈছিল বিশিষ্ট চিভিল ৰাইট ইক্টিভিষ্ট পৌল ৰবচনৰ সৈতে, যিয়ে গীত "বৃষ্টিন্ন পাৰৰে" গীতটো লিখিবলৈ অনুপ্ৰাণিত কৰিছিল। গীতটোৰ বিষয়বস্তু আছিল ৰবচনৰ অল' মেন ৰিভাৰ নামৰ বৰ্ণবিদ্বেষৰ আধাৰত নিৰ্মিত গীতটি। হাজৰিকা দেৱৰ ৰচিত এই গীতটি বৰ্তমান তেওঁৰ জীৱনৰ এটি কালজয়ী গীত ৰূপে পৰিচিত, যাৰ সংস্কৰণ বৰ্তমান ভাৰতৰ বিভিন্ন ভাষালৈ কৰা হৈছে।

হিন্দী চলচ্চিত্ৰ জগতলৈও হাজৰিকা দেৱৰ অনুদান অতুলনীয়। বিভিন্ন জনপ্ৰিয় বোলছবি যেনে আৰোপ, এক পল আৰু ৰুদালিৰ বাবে সংগীত ৰচনা কৰিছিল শিল্পী গৰাকীয়ে। ১৯৯৮চনৰ পৰা ২০০৩চনলৈকে সংগীত নাটক অকাডেমিৰ অধ্যক্ষ হিচাপে সেৱা প্ৰদান কৰে ভূপেন হাজৰিকা দেৱে।



২০১১চনত ০৫নৱেম্বৰ তাৰিখে বয়স সম্বন্ধীয় ৰোগত ভুগি মুম্বাইৰ, কোকিলাবেন ধিৰুবাই অম্বানি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে হাজৰিকা দেৱে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫বছৰ।




আৰু পঢ়িব পাৰেঃ বিৰাট কোহলীৰ জন্মদিন: পত্নী-কন্যাৰ সৈতে তোলা বিশেষ পাৰিবাৰিক ফটো শ্বেয়াৰ

Next Story
চাকৰি