আগষ্টত ১১ হেজাৰ টে'ট শিক্ষকে নিযুক্তি পাবঃ মন্ত্ৰী শৰ্মা

শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি টে’ট উত্তীৰ্ণ সকলে চলিত বৰ্ষত নিযুক্তি লাভ নকৰিব বুলি বিভিন্ন চৰ্চা হৈ আছিল।
আগষ্টত ১১ হেজাৰ টে'ট শিক্ষকে নিযুক্তি পাবঃ মন্ত্ৰী শৰ্মা
Published on

এই বছৰৰ আগষ্টত তথা অহা মাহত ৰাজ্যত ১১ হেজাৰ টে'ট শিক্ষকে নিযুক্তি লাভ কৰিব। এই কথা সদৰী কৰিছে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে মন্ত্ৰী শৰ্মাই গোলাঘাটৰ ক'ৱিড-১৯ হাস্পতাল পৰিদৰ্শন কৰে।হাস্পতাল পৰিদৰ্শনৰ সময়ত তেওঁ সাংবাদিকৰ আগত কয় যে আগষ্টত ৰাজ্যত নিযুক্তি দিয়া হ'ব ১১ হাজাৰ টে'ট শিক্ষকক। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি টে'ট উত্তীৰ্ণ সকলে চলিত বৰ্ষত নিযুক্তি লাভ নকৰিব বুলি বিভিন্ন চৰ্চা হৈ আছিল। এনে অৱস্থাতে শিক্ষা মন্ত্ৰীয়ে কৰা এই ঘোষণাই সকাহ দিছে টে'ট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীসকলক। 

আনহাতে, গোলাঘাটৰ কোভিড হাস্পতাল পৰিদৰ্শন কৰাৰ পিছত মন্ত্ৰী শৰ্মাই আৱৰ্ত ভৱনত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। পাছত সংবাদমেল সম্বোধন কৰি মন্ত্ৰীজনে কয় যে গোলাঘাটত ১০০ জনতকৈ বেছি লোক স্থানীয় ভাবে ক'ৱিড-১৯ত আক্ৰান্ত হোৱাতো চিন্তাৰ বিষয়। আগষ্ট মাহৰ ভিতৰত গোলাঘাটত ক'ৱিড-১৯আক্ৰান্ত ৰোগীয়ে ২,৫০০ৰ ঘৰ অতিক্ৰম কৰিব বুলিও সন্দেহ প্ৰকাশ কৰে মন্ত্ৰীজনে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com