ক'ৱিড-১৯আক্ৰান্ত চিনাক্তঃ গুৱাহাটীত আৰু ১৩টা নতুন কণ্টেইনমেণ্ট জ'ন ঘোষণা

ইয়াৰ কাৰণ হৈছে এই স্থানসমূহত ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত হৈছে ৷
ক'ৱিড-১৯আক্ৰান্ত চিনাক্তঃ গুৱাহাটীত আৰু ১৩টা নতুন কণ্টেইনমেণ্ট জ'ন ঘোষণা

কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে আৰু ১৩টা নতুন স্থানক ক'ৰ'না কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰিছে। ইয়াৰ কাৰণ হৈছে এই স্থানসমূহত ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত হৈছে ৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জাৰি কৰা এক নিৰ্দেশযোগে কণ্টেইমেণ্ট জ'ন ঘোষিত এই স্থানসমূহ হ'লঃ

ধীৰেনপাৰা (৩), বৰ্ষাপাৰা(২), কামাখ্যাগে'ট, ধীৰেনপাৰা-৪(দেৱগিৰি পথ), কল্যাণপুৰ(গণেশগুৰি), জ্যোতিকুচি(জামে মছজিদৰ ওচৰত), জ্যোতিকুচি শংকৰ হোটেল, অনিল নগৰ, ফটাশিল, কল'নী বজাৰ, বৰপথাৰ (বশিষ্ট), বনগাঁও(বেলতলা), জি এম চি কল'নী-২(ফটাশিল) ৷

এই কণ্টেইমেণ্ট জ'নৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫, মহামাৰী ৰোগ আইন, ১৮৯৭ আদিৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উপায়ুক্তই সতৰ্ক কৰি দিছে ৷ ইপিনে, গুৱাহাটীত ৰাজ্যৰ স্বাস্থ্য বিভাগে ৫০হেজাৰ ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰ কাৰণ হৈছে গুৱাহাটীত ভ্ৰমণ ইতিহাস নথকা ২০ জনৰো অধিক লোক এই মহামাৰীত আক্ৰান্ত হোৱাটো।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com