তবলিগী জামাতত অংশগ্ৰহণকাৰীক সাহায্য নিদিবলৈ অনুৰোধঃ দিছপুৰৰ ৰোষত ১৪ বিদেশী ন্যায়াধিকৰণৰ সদস্য

তবলিগী জামাতত অংশগ্ৰহণকাৰীক সাহায্য নিদিবলৈ অনুৰোধঃ দিছপুৰৰ ৰোষত ১৪ বিদেশী ন্যায়াধিকৰণৰ সদস্য

দিল্লীৰ নিজামুদ্দিন দৰগাহৰ যোৱা মাৰ্চত অনুষ্ঠিত জামাতত অংশগ্ৰহণকাৰীক কোনো ধৰণৰ ক'ৰ'না সাহায্য প্ৰদান নকৰিবলৈ অনুৰোধ জনাই ৰাজ্য চৰকাৰৰ ৰোষত পৰিছে ৰাজ্যৰ ১৪খন বিদেশী নাযায়াধিকৰণৰ সদস্য। প্ৰাপ্ত তথ্য অনুসৰি যোৱা সাত এপ্ৰিলত এই ১৪ বিদেশী ন্যায়াধিকৰণৰ সদস্যবৰ্গই ৰাজ্য চৰকাৰৰ অসম আৰোগ্য নিধিলৈ সাহায্য আগবঢ়ায়। সাহায্যৰ ধনৰ সৈতে তেওঁলোকে স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত নিজামুদ্দিন দৰগাহৰ জামাতত অংশগ্ৰহণ কৰা ৰাজ্যৰ কোনো ব্যক্তিকে চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ সাহায্য আগনবঢ়াবলৈ অনুৰোধ জনোৱা হয়। পত্ৰখনত তেওঁলোকে কয়, " আমাৰ প্ৰাৰ্থনা হৈছে যে তবলিগী জামাতৰ সদস্য, জেহাদী আৰু জাহিলক কোনোধৰণৰ সাহায্য আগবঢ়াব নালাগে"।এই তথ্য পোহৰলৈ অহাৰ পাছতে দিছপুৰে এই ১৪ বিদেশী ন্যায়াধিকৰণৰ সদস্যক নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে। এই কথা সদৰী কৰি এক সূত্ৰই জনোৱা মতে, বিদেশী ন্যায়াধিকৰণৰ এই সদস্যবৰ্গৰ বিৰুদ্ধে আমছুৰ বাক্সা জিলা সমিতিয়ে যোৱা ১৩ এপ্ৰিলত মুছলপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে। সংগঠনটোৰ জিলা সমিতিয়ে দাখিল কৰা অভিযোগপত্ৰত কোৱা হৈছে যে এজন ব্যক্তিৰ নাগৰিকত্বৰ দৰে অতি গুৰুত্বপূৰ্ণ গোচৰৰ মীমাংসা কৰে বিদেশী ন্যায়াধিকৰণসমূহে। এনেধৰণৰ পত্ৰই বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত শত্ৰুতা বৃদ্ধিৰ আশংকা আছে বুলিও পত্ৰখনত অভিযোগ কৰা হৈছে। এনেদৰে এই ১৪ বিদেশী ন্যায়াধিকৰণৰ সদস্যবৰ্গই সংঘটিত কৰা কাৰ্যক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত দিছপুৰে আটাইকেইজনক নিৰীক্ষণৰ ব্যৱস্থা কৰিছে বুলি এক সূত্ৰই জনায়। উল্লেখ্য যে নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণ কৰা লোকসকলে সমগ্গ দেশজুৰি ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাব বৃদ্ধি কৰা বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰি আহিছে। অসমত এই মহামাৰীত আক্ৰান্তৰ অধিকাংশই নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণ কৰি ৰাজ্যলৈ উভতি অহা লোক। আনহাতে, শেহতীয়া এক তথ্য অনুসৰি মুম্বাইত থকা অসমৰ দুজন কৰ্কট ৰোগীৰ শৰীৰত ক'ৰ'নাৰ অৱস্থিতি ধৰা পৰিছে । কিছুদিন পূৰ্বে দিল্লীত ২ জন‌ কৰ্কট ৰোগী আৰু এজন পৰিচাৰকৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছত এইবাৰ মুম্বাইত এনে এক ঘটনা পোহৰলৈ আহিছে। শনিবাৰে মুম্বাইত অসমৰে দুজন‌ কৰ্কট ৰোগীৰ শৰীৰত ধৰা পৰে ক'ৰ'নাৰ উপস্থিতি।

ৰোগী দুজনৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছতে তেওঁলোকক দিল্লী চৰকাৰে অসম ভৱন কৰ্তৃপক্ষক দিয়া নিৰ্দেশ‌ মৰ্মে ৰোগী কেইজনক মুম্বাইত চিকিৎসা কৰি থকা হৈছে।

উল্লেখ্য যে সম্প্ৰতি সমগ্ৰ বিশ্ব ক'ৰ'না মহামাৰীৰ গ্ৰাসত । ভাৰতবৰ্ষতো এই ক'ৰ'নাই ব্যাপক ক্ষতিসাধন কৰিছে । ভাৰতবৰ্ষৰ প্ৰায় ৩৮হেজাৰ লোক এই ভায়াবহ মহামাৰীত আক্ৰান্ত হৈছে। লগতে প্ৰায় ১,২২৩ জন‌ লোকে মৃত্যুবৰণ কৰিছে ।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com