অসম অভিমুখে দিল্লী-কেৰালা-মহাৰাষ্ট্ৰ-কৰ্ণাটকৰ পৰা ৰেলত ১৪ হেজাৰ লোক

দিল্লী, কেৰালা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ পৰা এইসকল লোক ১০খন ৰেলত আহিছে।
অসম অভিমুখে দিল্লী-কেৰালা-মহাৰাষ্ট্ৰ-কৰ্ণাটকৰ পৰা ৰেলত ১৪ হেজাৰ লোক

ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক বৃদ্ধি পোৱাৰ সময়তে অসম অভিমুখে ৰেলত দেশৰ তিনিখন ৰাজ্যৰ পৰা ৰাওনা ১৪ হেজাৰ লোক। দিল্লী,  কেৰালা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ পৰা এইসকল লোক ১০খন ৰেলত আহিছে। ইতিমধ্যে ইয়াৰে দুখন ৰেল গুৱাহাটীত উপস্থিত হৈছে। এই ৰেল দুখনত কেৰালাৰ পৰা তিনি হেজাৰ লোক আহিছে। আনহাতে, এই ১০খন ৰেলৰ সাতখন শ্ৰমিক বিশেষ ৰেল আৰু বাকী কেইখন নিয়মীয়াভাবে চলাচল কৰা ৰেল। চৰকাৰী তথ্য অনুসৰি এই যাত্ৰীসকলৰ মাজত কেৰালাৰ পৰা সৰ্বাধিক ৮ হাজাৰ লোক অসমলৈ অহাৰ সম্ভাৱনা আছে৷ ইয়াৰে পাঁচখন ৰেল কেৰালাৰ পৰা আহিব। দুখন দিল্লীৰ পৰা আৰু দুখন কৰ্ণাটকৰ পৰা আহিব। এখন আহিব মহাৰাষ্ট্ৰৰ পৰা।উল্লেখ্য যে মহাৰাষ্ট্ৰত ক'ৰ'না মহামাৰীত ৩,৮৩০জন লোকৰ মৃত্যু হৈছে। ৰাজ্য চৰকাৰে এই লোকসকলৰ বাবে পৰিবহনৰ ব্যৱস্থা কৰিছে। অসম পৰিবহন নিগমৰ বাছে এই যাত্ৰীসকলক গন্তব্যস্থলীলৈ নিয়াৰ ব্যৱস্থা কৰিব।

এই কথা সদৰী কৰি পৰিবহন নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয়," আজি নিশালৈকে ৰেল আহি থাকিব। প্ৰতিখন ৰেলতে ১৫শৰ পৰা ১৬শ মানুহ আহিব। নিশালৈকে ১৪হেজাৰ মানুহ আহিব"। পৰিস্থিতি চম্ভালাৰ বাবে স্বাস্থ্য বিভাগকে ধৰি সংশ্লিষ্ট চৰকাৰী বিভাগসমূহে দলৰূপে কাম কৰিবলৈ তিৱাৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে জানিবলৈ দিয়া মতে, উত্তৰ-পূবৰ আন একাংশ ৰাজ্যৰ মানুহো এই ৰেলসমূহত আহিব। তেওঁলোকক নিজ নিজ ৰাজ্যৰ গুৱাহাটীস্থিত ৰাজ্যিক শালালৈ প্ৰেৰণৰ ইংগিত দিয়ে পৰিবহন নিগমৰ পৰিচালন সঞ্চালকজনে। ইয়াৰ উদাহৰণ দি তেওঁ কয় যে গুৱাহাটীত মিজোৰাম হাউছ, ত্ৰিপুৰা হাউছ আদি আছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com