Begin typing your search above and press return to search.

আফ্ৰিকান ছোৱাইন ফেভাৰৰ ৰূপঃ ৰাজ্যত ১৫,৮৬৭ টা গাহৰিৰ মৃত্যু

ঘৰচীয়া গাহৰিৰ পৰা বনৰীয়া গাহৰিলৈ যাতে সংক্ৰমণ নহয় তাৰ বাবে বন বিভাগে কাম কৰিছে বুলিও তেওঁ জনায়।

আফ্ৰিকান ছোৱাইন ফেভাৰৰ ৰূপঃ ৰাজ্যত ১৫,৮৬৭ টা গাহৰিৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-05-26T19:41:17+05:30

আফ্ৰিকান ছোৱাইন ফ্লুৰ সংহাৰী ৰূপঃ ৰাজ্যত ১৫,৮৬৭ টা গাহৰিৰ মৃত্যু

ক'ৰ'না মহামাৰীৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱৰ সমান্তৰালভাবে আফ্ৰিকান ছোৱাইন ফ্লুৱে ক্ৰমাৎ সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ মঙলবাৰে গুৱাহাটীত এখন সংবাদমেলত কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্যত এই ফ্লুত আক্ৰান্ত হৈ এই পৰ্যন্ত ১৫, ৮৬৭টা গাহৰিৰ মৃত্যু হৈছে ৷ চৰকাৰে নমুনা পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীজনে সদৰী কৰে ৷ মন্ত্ৰী বৰাই আৰু কয় যে হশেহতীয়াকৈ সংক্ৰমণ কমিছে।আগন্তুক দিনবোৰত সতৰ্কতাৰে কাম কৰিব লাগিব।

ঘৰচীয়া গাহৰিৰ পৰা বনৰীয়া গাহৰিলৈ যাতে সংক্ৰমণ নহয় তাৰ বাবে বন বিভাগে কাম কৰিছে বুলিও তেওঁ জনায়।

বৰাই কয় যে জিলা প্ৰশাসনে জিলাসমূহত কাম কৰিছে। পশুপালন বিভাগ সজাগ হোৱাৰ বাবে সংক্ৰমণ বন্ধ হৈছে, কিন্তু বহু ঠাইত ৰাইজ সজাগ হোৱা নাই ।আনহাতে, নিৰ্দিষ্ট কেইটামান জ'নৰ বাহিৰে বাকীসমূহত গাহৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জনায়।বৰাই লগতে কয় যে এখন জিলাৰ গাহৰি আন এখন জিলাত বিক্ৰী কৰিব নোৱাৰিব।

চৰকাৰে সংক্ৰমণ হৈ থকা ৭টাতকৈও অধিক জ'ন নিৰীক্ষণ জ'ন হিচাপে লৈ সেই ঠাইৰ পৰা ১০ কিলোমিটাৰৰ ভিতৰত সেই ঠাইৰ গাহৰি বিক্ৰী কৰিব নোৱৰাৰ ব্যৱস্থা কৰিছে।

তদুপৰি এনে নিৰীক্ষণ জ'নৰ পৰা যাতে গাহৰি ওলাই আহিব নোৱাৰে তাৰ ব্যৱস্থাও কৰা হৈছে বুলি মন্ত্ৰী বৰাই সদৰী কৰে ৷ আনহাতে, এই গাহৰি জ্বৰে ৰাজ্যৰ গাহৰি পালকসকলৰ বিস্তৰ ক্ষতিসাধন কৰিছে বুলিও মন্ত্ৰীজনে উদ্বেগ প্ৰকাশ কৰে ৷

Next Story