ৰাজ্যত আৰু ১৬ জন ক'ৰোনা আৰোগ্যক চিকিৎসালয়ৰ পৰা মুকলি
আতংকিত ৰাজ্যবাসীলৈ এক সুখবৰ! আৰু ১৬ জন ক'ৰ'না আক্ৰান্তই সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰমুখী হৈছে ৷ আজি সন্ধিয়া গুবাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা ১৫ জন সুস্থ হোৱা ক'ৰ'না ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ একেদৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰাও ১জন ক'ৰোনা আৰোগ্যক ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ ফলত ৰাজ্যত ক'ৰ'না আৰোগ্যৰ সংখ্যা ১০৩ গৰাকীলৈ বৃদ্ধি পাইছে।