বাঘজানৰ অগ্নিকাণ্ড: তৈলক্ষেত্ৰৰ কাষৰ বিলৰ পৰা উদ্ধাৰ দুটা মৃতদেহ

বাঘজানৰ অগ্নিকাণ্ড: তৈলক্ষেত্ৰৰ কাষৰ বিলৰ পৰা উদ্ধাৰ দুটা মৃতদেহ

বাঘজানৰ অগ্নিকাণ্ড: তৈলক্ষেত্ৰৰ কাষৰ বিলৰ পৰা উদ্ধাৰ দুটা মৃতদেহ

অইল ইণ্ডিয়া লিমিটেডৰ পাঁচ নম্বৰ খাদত কালি সূত্ৰপাত ঘটা ভয়াবহ অগ্নিকাণ্ড থলীৰ কাষৰ পৰা আজি পুৱা উদ্ধাৰ হ'ল দুটাকৈ মৃতদেহ ৷ মৃতদেহ দুটা হ'ল অইল ইণ্ডিয়া লিমিটেডৰ দুজন কৰ্মচাৰীৰ ৷ এই দুৰ্ভগীয়া কৰ্মচাৰীদ্বয়ক দুৰ্লভ গগৈ আৰু তিষেশ্বৰ গোহাঁই বুলি চিনাক্ত কৰা হৈছে ৷ কালি খাদটোত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ কিছুসময়ৰ পাছতে দুয়ো সন্ধানহীন হয়। আজি পুৱা দুয়োৰে মৃতদেহ ওচৰৰে এখন বিলত উদ্ধাৰ কৰে এন ডি আৰ এফে। কালিৰে দুয়োৰে সন্ধানত অভিযান চলি আছিল।  আনহাতে, এক সূত্ৰই জনোৱা মতে, অগ্নিকাণ্ডৰ ভয়াবহতা লক্ষ্য কৰি দুয়োৱে বিলখনত জাঁপ দিছিল।

ইপিনে, অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল ক্ষেত্ৰৰ ভয়াবহ অগ্নিকাণ্ডৰ পৰিস্থিতি বুজ লোৱাৰ বাবে ঘটনাস্থলীত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হ'বলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই ভয়াবহ অগ্নিকাণ্ড যিমান সোনকালে সম্ভৱ হয়, সিমান সোনকালে নিৰ্বাপন কৰাত গুৰুত্ব আৰোপ কৰিছে সোণোৱালে ৷ ইতিমধ্যে তেওঁ বিষয়টোক লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে আলোচনাত মিলিত হৈছে ৷ ইয়াৰ সমান্তৰালভাবে মুখ্যমন্ত্ৰীয়ে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাটোৱাৰীক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'বলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পূৰ্বে সোণোৱালে সাংবাদিকৰ আগত কয়, " বাঘজানৰ তৈল খাদৰ অগ্নিকাণ্ডৰ বিষয়টো প্ৰতিৰক্ষা মন্ত্ৰীক অৱগত কৰিছো ৷ মই তেওঁক এই অগ্নি-নিৰ্বাপনৰ বাবে বায়ু সেনা নিয়োগ কৰিবলৈ অনুৰোধ জনালো ৷" তেওঁ লগতে কয় যে স্থানীয় লোকৰ জীৱনৰ সুৰক্ষাৰ বাবে প্ৰশাসন, আৰক্ষী, সেনা, অৰ্ধ-সামৰিক বাহিনী আদিক প্ৰেৰণ কৰা হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com