শীৰ্ষ বাতৰি
নিষিদ্ধ ড্ৰাগছৰ বেহাঃ দিল্লীত গ্ৰেপ্তাৰ গোলাঘাটৰ দুজন যুৱক
পিছদিনা আৰক্ষীয়ে প্ৰগতি ময়দানৰ পৰা ৰাহুল আৰু নিত্যানন্দক তিনি কিলোগ্ৰাম হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে
এটা আন্তৰ্জাতিক দুষ্টচক্ৰৰে জড়িত হৈ দিল্লীত নিষিদ্ধ ড্ৰাগছৰ বেহা পতা গোলাঘাটৰ দুজন যুৱক জালত পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি চক্ৰটোৰ মুঠ পাঁচজন জালত পৰিছে ৷ চক্ৰটোৰ পৰা আৰক্ষীয়ে ৯০কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে ৷ ধৃতকেইজনৰ দুজন ৰাহুল সন্দিকৈ আৰু নিত্যানন্দৰ ঘৰ গোলাঘাটত ৷ আন তিনিজন বিহাৰৰ।
বিহাৰৰ কেইজনৰ নাম উদয় কুমাৰ, সুবোধ দাস আৰু সঞ্জীৱ কুমাৰ। ইয়াৰে উদয়, সঞ্জীৱ আৰু সুবোধক আৰক্ষীয়ে যোৱা ৮ ছেপ্তেম্বৰত দিল্লীৰ মুকুন্দপুৰৰ ওচৰৰ আউটাৰ ৰিঙৰ পৰা গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ প্ৰত্যেকৰে পৰা আৰক্ষীয়ে পাঁচ কিলোগ্ৰামকৈ হেৰ'ইন জব্দ কৰে ৷ পিছদিনা আৰক্ষীয়ে প্ৰগতি ময়দানৰ পৰা ৰাহুল আৰু নিত্যানন্দক তিনি কিলোগ্ৰাম হেৰ'ইনসহ গ্ৰেপ্তাৰ কৰে ৷ দিল্লীৰ আৰক্ষীৰ বিশেষ কোষে চক্ৰটোৰ তথ্য উদ্ধাৰ কৰি অভিযান চলায় ৷

