যোৱা বুধবাৰে, কামৰূপ (ম) জিলা প্ৰশাসনে গুৱাহাটীৰ কিছু বাহনে যাত্ৰী সকলৰ পৰা ইচ্ছাকৃত ভাৱে অত্যধিক ভাৰা সংগ্ৰহ কৰাৰ বিৰুদ্ধে চলাই এক অভিযান।
এই অভিযানৰ ফল স্বৰূপে কামৰূপ প্ৰশাসন সফল হৈছে ২৫খন এনে বাহন আটক কৰিবলৈ আৰু ইয়াৰ লগতে অত্যধিক ভাৰা সংগ্ৰহ ভিত্তিত গণেশগুৰি আৰক্ষী চকীত ৰূজু কৰা হৈছে ৪৭খন গোচৰ।
টুইটাৰ যোগে, কামৰূপ জিলা প্ৰশাসনৰ, অফিচিয়েল একাউণ্টেণ্ট গৰাকীয়ে লিখিছে যে, " কামৰূপ মেট্ৰো জিলা প্ৰশাসনৰ আদেশ অনুসৰি, গুৱাহটোৰ গণেশগুৰি অঞ্চলত ৰাজহুৱা যাত্ৰীবাহী বাহন (চিটি বাছ আৰু মেজিক) সমূহত নিয়মতকৈ অত্যাধিক ভাৰা সংগ্ৰহ কৰাৰ বিৰুদ্ধে এক অভিযান চলোৱা হয়। এই অভিযানৰ যোগে ২৫খন এনে ভাওঁ আটক কৰা হৈছে আৰু ইয়াৰ লগতে ৪৭তা কেছ ৰূজু কৰা হৈছে।"
গণেশগুৰি অঞ্চলত চলা এই অভিযানৰ পূৰ্বে, কামৰূপ জিলা প্ৰশাসনৰ দ্বাৰা এনে এক অভিযান চলোৱা হৈছিল গুৱাহাটীৰ অন্য ভিন্ন স্থানত। যোৱা মঙ্গলবাৰে অত্যধিক ভাৰা সংগ্ৰহ কৰা বাহন সমূহৰ বিৰুদ্ধে চলোৱা হৈছিল এই অভিধান।
এই অভিযান চলোৱা হৈছিল গুৱাহাটীৰ ভিন্ন স্থান যেনে। লখৰা পথ আৰু লাল গণেশত। এই অভিযানৰ জৰিয়তে আটক কৰা হৈছে প্ৰায় ৪২খন ৰাজহুৱা বাহন আৰু এই পৰ্যন্ত সৰ্বমুঠ কেছ ৰূজু কৰা হৈছে ৬৭তা।