ক'ৱিড ৰোগীৰ চিকিৎসাঃ মিৰ্জাৰ পটঞ্জলী যোগপীঠত চিকিৎসালয় মুকলি

ক’ৱিড-১৯ বিৰোধী যুঁজখনত আজি আৰু এক অস্ত্ৰ সংযোজিত হ’ল।
ক'ৱিড ৰোগীৰ চিকিৎসাঃ মিৰ্জাৰ পটঞ্জলী যোগপীঠত চিকিৎসালয় মুকলি
Published on

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে ক'ৱিড-১৯ আক্ৰান্তৰ চিকিৎসাৰ বাবে মিৰ্জাৰ পটঞ্জলী যোগপীঠত মুকলি হ'ল আৰু এখন চিকিৎসালয় । ২৫০খন বিছনাযুক্ত এই চিকিৎসালয় মঙলবাৰে মুকলি কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চিকিৎসালয় মুকলি কৰাৰ পাছত স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয়, " সুখী হৈছো যে ক'ৱিড-১৯ বিৰোধী যুঁজখনত আজি আৰু এক অস্ত্ৰ সংযোজিত হ'ল। আজিৰ পৰা মিৰ্জাত পটঞ্জলী হাস্পতালত এই মহামাৰীত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা হ'ব"।ইয়াৰ পূৰ্বে যোৱা ২৭জুনত মন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে মিৰ্জাৰ পটঞ্জলী যোগপীঠৰ কোৱাৰেণ্টিন কেন্দ্ৰক হাস্পতাললৈ ৰূপান্তৰিত কৰা হ'ব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com