অসমত সুস্থ হ'ল আৰু ২৯ ক'ৱিড আক্ৰান্তঃ হাস্পতালৰ পৰা অব্যাহতি

এই ২৯ জন ক’ৰ’না আক্ৰান্ত সুস্থ হোৱাত আটাইকেইজনক হাস্পতালৰ পৰা যাবলৈ দিয়া হয় ।
অসমত সুস্থ হ'ল আৰু ২৯ ক'ৱিড আক্ৰান্তঃ হাস্পতালৰ পৰা অব্যাহতি
Published on: 

অসমত সুস্থ হ'ল আৰু ২৯ ক'ৱিড আক্ৰান্তঃ হাস্পতালৰ পৰা অব্যাহতি

অসমত ক'ৱিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালভাবে এই মহামাৰীৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধিও অব্যাহত আছে। এই  ২৯ জন ক'ৰ'না আক্ৰান্ত সুস্থ হোৱাত  আটাইকেইজনক হাস্পতালৰ পৰা যাবলৈ দিয়া হয় । এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, এই ২৯ ক'ৱিড আক্ৰান্তক হাস্পতালৰ পৰা অব্যাহতি দিয়াৰ লগে লগে ৰাজ্যত সক্ৰিয় ক'ৱিড আক্ৰান্তৰ সংখ্যা ১,৪২৮জনলৈ হ্ৰাস পাইছে। এই ২৯ ক'ৱিড আক্ৰান্তৰ ১৪জন মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল, পাঁচজন বৰপেটা মেডিকেল কলেজ, চাৰিজন শিলচৰ মেডিকেল কলেজ, ৩ জন গোলাঘাট অসামৰিক হাস্পতাল, দুজন ধেমাজি অসামৰিক হাস্পতাল আৰু এজন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন হৈ আছিল। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com