Top
Begin typing your search above and press return to search.

প্ৰশ্নকাকত ফাদিল কেলেংকাৰিঃ পি কে দত্তৰ তিনিখন হোটেল ছীল

উল্লেখ্য যে এই কেলেংকাৰিক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

প্ৰশ্নকাকত ফাদিল কেলেংকাৰিঃ পি কে দত্তৰ তিনিখন হোটেল ছীল

RaktimBy : Raktim

  |  28 Sep 2020 9:51 AM GMT

অসম আৰক্ষীৰ শেহতীয়া উপ-পৰিদৰ্শক নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ খলনায়ক পি কে দত্তৰ গুৱাহাটীস্থিত তিনিখন অভিজাত হোটেল তদন্তকাৰীয়ে ছীল কৰিছে ৷ উৎকোচ বিনিময়ত একাংশক আৰক্ষীৰ এই গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিবলৈ দত্তবাহিনীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছিল ৷ অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-মহাপৰিদৰ্শক(ডি আই জি) দত্তই সম্প্ৰতি আত্মগোপন কৰি আছে ৷ কেলেংকাৰিটোৰ তদন্তকাৰীয়ে দত্তৰ এই হোটেল তিনিখন দেওবাৰে ছীল কৰে ৷

কেলেংকাৰিৰ সাক্ষ্যপ্ৰমাণ যাতে অভিযুক্তই নষ্ট বা বিকৃত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তদন্তকাৰীয়ে হোটেলকেইখনত তালাচী চলোৱাৰ উপৰি তিনিওখন হোটেল ছীল কৰে ৷ এই বিয়াগোম কেলেংকাৰিত জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতে দত্তই আত্মগোপন কৰে ৷ যোৱা বুধবাৰৰ পৰা তেওঁ আত্মগোপন কৰি আছে ৷

অসম আৰক্ষীৰ চি আই ডি আৰু অপৰাধ শাখাই এই কেলেংকাৰিৰ তদন্ত কৰি আছে ৷ এই সম্পৰ্কত এক সূত্ৰই জনোৱা মতে, দত্তৰ হোটেলকেইখনত অবৈধ পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ উল্লেখ্য যে এই কেলেংকাৰিক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ভুক্তভোগীক তেওঁ ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে ৷

আৰু পঢ়িব পাৰেঃ ৪ অক্টোবৰত ইউ পি এছ চিৰ পৰীক্ষাঃ ন্যায়ালয়ক জনালে আয়োগে

Next Story