ক'ৰ'নাক পৰাভুত কৰিলে মাতৃসহ কণমানি স্বৰ্ণিলে

তৃ-পুত্ৰৰ ফটোও এই টুইটাৰ একাউণ্টত আপলোড কৰা হৈছে। এই ফটোত স্বৰ্ণিলৰ মাতৃক মিচিকিয়াই থকা দেখা গৈছে।
ক'ৰ'নাক পৰাভুত কৰিলে মাতৃসহ কণমানি স্বৰ্ণিলে

অগনন লোকক ভয়-আতংকত ডুবাই ৰখা ক'ৰ'নাক পৰাভুত কৰিলে এটি কণমানি শিশুৱে। ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ঘটা এই শিশুটিক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰা হৈছিল। তিনি মহীয়া শিশুটিৰ নাম স্বৰ্ণিলজ্যোতি শৰ্মা। স্ব্ৰণিলৰ মাতৃ হিৰম্ময়ী শৰ্মাও ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছিল। সম্প্ৰতি দুয়ো সুস্থ হৈছে। সেই সূত্ৰে দুয়োকে হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে। এই কথা প্ৰকাশ পাইছে অসম ক'ৱিড কেয়াৰ কেন্দ্ৰৰ টুইটাৰত।

এই টুইটাৰ একাউণ্টত কোৱা হৈছে যে তিনি মহীয়া স্বৰ্ণিলজ্যোতি শৰ্মা আৰু তেওঁৰ মাতৃ হিৰম্ময়ী শৰ্মা ক'ৰ'না মহামাৰীৰ পৰা সুস্থ হৈছে। সেই সূত্ৰে দুয়োকে হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে। মাতৃ-পুত্ৰৰ ফটোও এই টুইটাৰ একাউণ্টত আপলোড কৰা হৈছে। এই ফটোত স্বৰ্ণিলক মাতৃৰ কোলাত মিচিকিয়াই থকা দেখা গৈছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com