ৰাজ্যত ৩০খন নতুন কলেজৰ প্ৰাদেশিকীকৰণ কৰা হ'বঃ শিক্ষা মন্ত্ৰী শৰ্মা

ৰাজ্যত ৩০খন নতুন কলেজৰ প্ৰাদেশিকীকৰণ কৰা হ'বঃ শিক্ষা মন্ত্ৰী শৰ্মা

শিক্ষা মন্ত্ৰী শৰ্মাই লগতে কয় যে প্ৰাদেশিকীকৰণ আইন, ২০১১অনুসৰি কলেজসমূহ প্ৰাদেশিকীকৰণ কৰা হ’ব।

ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতে অসম চৰকাৰে নতুন মহাবিদ্যালয় প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ মঙলবাৰে বিধানসভাত এই তথ্য সদৰী কৰি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সদ্যহতে ৰাজ্য চৰকাৰে ৩০খন নতুন মহাবিদ্যালয় প্ৰাদেশিকীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

২০০৬ৰ ভিতৰত যিকোনো অনুমতিপ্ৰাপ্ত মহাবিদ্যলয়ৰ প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি শিক্ষা মন্ত্ৰীয়ে সদৰী কৰে ৷ শিক্ষা মন্ত্ৰী শৰ্মাই লগতে কয় যে প্ৰাদেশিকীকৰণ আইন, ২০১১অনুসৰি এই কলেজসমূহ প্ৰাদেশিকীকৰণ কৰা হ'ব। উল্লেখ্য যে ৰাজ্য চৰকাৰে নতুন টে'ট শিক্ষক নিযুক্তি প্ৰক্ৰিয়াও আৰম্ভ কৰিছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com