ক'ৰ'নাত আক্ৰান্ত হ'ল গুৱাহাটীৰ একেটা পৰিয়ালৰ চাৰিজন সদস্য

গুৱাহাটীত এই ভাইৰাছৰ গোষ্ঠী সংক্ৰমণ (কম্যুনিটী ট্ৰান্সমিছন) ঘটা বুলিও সন্দেহ কৰা হৈছে ৷
ক'ৰ'নাত আক্ৰান্ত হ'ল গুৱাহাটীৰ একেটা পৰিয়ালৰ চাৰিজন সদস্য
Published on

ৰাজ্যজুৰি ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত আক্ৰান্তৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধ পোৱাৰ সময়তে গুৱাহাটীৰ এটা পৰিয়ালৰে চাৰিজন সদস্যৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি মহানগৰীৰ ধীৰেনপাৰাৰ কে বি ৰোডৰ নিবাসী এটা পৰিয়ালৰ চাৰিজন সদস্যৰ শৰীৰত এই অতি সংক্ৰামক ভাইৰাছ ধৰা পৰিছে ৷ উল্লেখ্য যে ইয়াৰ আগলৈকে এনেদৰে একেটা পৰিয়ালৰ এনে সংখ্যক  সদস্য ক'ৰ'নাত আক্ৰান্ত হোৱাৰ নজিৰ নাই ৷ অৱশ্যে ধীৰেনপাৰা অঞ্চলৰ বহুকেইজন লোক এই মহামাৰীত আক্ৰান্ত হৈছে ৷ একেদৰে কামৰূপো ৰাজ্যৰ ক'ৰ'না ভাইৰাছৰ অভিকেন্দ্ৰত পৰিণত হোৱাৰ লেখীয়া ঘটনা সংঘটিত হৈছে ৷ আনকি গুৱাহাটীত এই ভাইৰাছৰ গোষ্ঠী সংক্ৰমণ (কম্যুনিটী ট্ৰান্সমিছন) ঘটা বুলিও সন্দেহ কৰা হৈছে ৷ কাৰণ কোনো ভ্ৰমণ ইতিহাস নথকা বহুকেইজন লোক এই মহামাৰীত আক্ৰান্ত হৈছে ৷

এনেদৰে ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন বা মণ্ডলৰূপে ঘোষণা কৰিছে ৷ যোৱা ২০জুনলৈকে কামৰূপ মহানগৰ জিলাত এনে কণ্টেইমেণ্ট জ'নৰ সংখ্যা ১৪১টা হয় ৷ আনকি ২০জুনৰ দিনটোতে প্ৰশাসনে ২৩টা স্থানক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com