Begin typing your search above and press return to search.

মেঘালয়ত সক্ৰিয় ক'ৱিড-১৯পজিটিভৰ সংখ্যা ২৫লৈ হ্ৰাস

উল্লেখ্য যে মেঘালয়ত মুঠ ৪৪জন ক’ৰ’না আক্ৰান্ত আছিল ।

মেঘালয়ত সক্ৰিয় কৱিড-১৯পজিটিভৰ সংখ্যা ২৫লৈ হ্ৰাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jun 2020 4:21 PM GMT

মেঘালয়ত সক্ৰিয় ক'ৱিড-১৯আক্ৰান্তৰ সংখ্যা ২৫লৈ হ্ৰাস

ক'ৰ'না মহামাৰীক লৈ ত্ৰস্ত সকললৈ সুখবৰ! অসমৰ দৰে মেঘালয়তো ইজনৰ পাছত ইজনকৈ ক'ৱিড-১৯মহামাৰী আক্ৰান্ত সুস্থ হ'বলৈ ধৰিছে ৷ শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি পাহাৰীয়া ৰাজ্যখনত আৰু পাঁচজন ক'ৰ'না আক্ৰান্ত সুস্থ হৈছে ৷ ফলত ৰাজ্যখনত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ২৫জনলৈ হ্ৰাস পাইছে ৷ এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷ উল্লেখ্য যে মেঘালয়ত মুঠ ৪৪জন ক'ৰ'না আক্ৰান্ত আছিল ।


আৰু পঢ়িব পাৰেঃ ৰাজ্যৰ বান পৰিস্থিতি উন্নতঃ আক্ৰান্তৰ সংখ্যা ২ হেজাৰৰ ঘৰলৈ হ্ৰাস

Next Story