বিজেপিত যোগদান মণিপুৰৰ পাঁচ পদত্যাগী কংগ্ৰেছী বিধায়কৰ

বিজেপি নেতা মাধৱে কয় যে মণিপুৰৰ এন বীৰেন সিং চৰকাৰৰ পতনৰ মুঠেই সম্ভাৱনা নাই।
বিজেপিত যোগদান মণিপুৰৰ পাঁচ পদত্যাগী কংগ্ৰেছী বিধায়কৰ

মণিপুৰৰ ইখনৰ পাছত সিখন ৰাজনৈতিক নাটক মঞ্চস্থ হৈ আছে। শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি অলপতে কংগ্ৰেছ আৰু বিধানসভাৰ পৰা পদত্যাগ কৰা পাঁচজন প্ৰাক্তন বিধায়কে বিজেপিত যোগদান কৰিছে। দিল্লীত দলৰ জ্যেষ্ঠ নেতা ৰাম মাধৱৰ উপস্থিতিত এই পাঁচ বিধায়কে বিজেপিত যোগদান কৰে। এই প্ৰাক্তন কংগ্ৰেছী বিধায়ককেইজনক দললৈ আদৰণী জনাই বিজেপি নেতা মাধৱে কয় যে মণিপুৰৰ এন বীৰেন সিং চৰকাৰৰ পতনৰ মুঠেই সম্ভাৱনা নাই।

আনকি বিজেপিয়ে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত পুনৰ জয়লাভ কৰিবলৈ সক্ষম হব বুলি তেওঁ দাবী কৰে। ইতিমধ্যে বীৰেন সিং চৰকাৰে ২৮-১৬ টা ভোটৰ ব্যৱধানসভাত শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি দলত যোগদান কৰা পাঁচ পদত্যাগী কংগ্ৰেছী বিধায়ক হৈছে প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী ইববী সিঙৰ ভতিজাক হেনৰী অক্ৰাম, পানোনাম ব্ৰকেন, অইনাম লুখই সিং, এন হাওকিপ আৰু জিনছুৱানহাও জু।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com