অসমৰ দৰং জিলাত ট্ৰাক-ছুইফটৰ সংঘৰ্ষত ৫ জন ইউটিউবাৰ নিহত

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীখনৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত তেওঁলোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
অসমৰ দৰং জিলাত ট্ৰাক-ছুইফটৰ সংঘৰ্ষত ৫ জন ইউটিউবাৰ নিহত
Published on: 

অসমৰ দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বেচিমাৰীত দেওবাৰে সংঘটিত এটা ভয়াৱহ দুৰ্ঘটনাত এটি শিশুসহ পাঁচজন লোকৰ মৃত্যু হয় । তদুপৰি দুৰ্ঘটনাটোত আন  তিনিজন লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে মঙলদৈলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় ।

এখন ট্ৰাকৰ সৈতে এখন ছুইফ্ট ডিজায়াৰৰ মুখামুখি সংঘৰ্ষৰ বাবে এই ঘটনা সংঘটিত হয়। মৃত ব্যক্তিসকলৰ নাম মনোৱাৰা বেগম, ছানিয়া আখটাৰ, ইব্ৰাহিম আলী, আজাদ আলী আৰু ফাৰহাদ আলী বুলি প্ৰকাশ কৰা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com