গুৱাহাটীৰ পাণ্ডু অঞ্চলত ৫৩জন ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত

অৱশ্যে ক’ৰ’না আক্ৰান্তৰ আৰোগ্যৰ হাৰো বৃদ্ধি পাইছে।
গুৱাহাটীৰ পাণ্ডু অঞ্চলত ৫৩জন ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত
Published on

ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীত উদ্বেগজনকভাবে মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে ৷ শেহতীয়া তথ্য অনুসৰি মহানগৰীৰ পাণ্ডু অঞ্চলত ৫৩জন ক'ৱিড-১৯ মহামাৰী আক্ৰান্ত চিনাক্ত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি এই লোককেইজন ক'ৰ'নাত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পাছতে তেওঁলোকক চিকিৎসালয়লৈ অনাৰ উদ্দেশ্যে স্বাস্থ্য কৰ্মী যায়। কিন্তু আশ্বৰ্যজনক যে এই লোকেকেইজনে চিকিৎসালয়ত ভৰ্তি হ'বলৈ অমান্তি হয় ৷ তাৰ পৰিৱৰ্তে তেওঁলোকে তেওঁলোকৰ নমুনা পৰীক্ষা প্ৰতিবেদন দেখুৱালৈ কয় ৷ লক্ষ্যণীয় যে শেহতীয়াভাবে গুৱাহাটীত ক'ৰ'না ভাইৰাছৰ সামাজিক সংক্ৰমণ ঘটা বুলিও সন্দেহ কৰা হৈছে ৷ ইতিমধ্যে গুৱাহাটীত শতাধিক ক'ৰ'না ৰোগী চিনাক্ত হৈছে  অৱশ্যে ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ হাৰো বৃদ্ধি পাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com