অসমত আৰু ছজন ক'ৱিড-১৯ আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

চিকিৎসালয়ত ভৰ্তি হৈ থকা এই ক'ৰ'না আক্ৰান্তকেইজনক ঘৰলৈ যাবলৈ দিয়া হৈছে।
অসমত আৰু ছজন ক'ৱিড-১৯ আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি
Published on

অসমত আৰু ছজন ক'ৱিড-১৯ আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

সুখবৰ! অসমত আৰু ছজন ক'ৰ'না আক্ৰান্ত সুস্থ হ'ল। চিকিৎসালয়ত ভৰ্তি হৈ থকা এই ক'ৰ'না আক্ৰান্তকেইজনক ঘৰলৈ যাবলৈ দিয়া হৈছে। এই কথা সদৰী কৰি আজি বৃহস্পতিবাৰে এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি ছজন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ'ল। ফলত ক'ৰ'না মহামাৰীৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ৰাজ্যত ৫৪ জন হৈছে। ইয়াৰ পূৰ্বেও কালি ক'ৰ'না মহামাৰীত আক্ৰান্ত সাতজন লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। ইয়াৰে এজন হৈছে গুৱাহাটী চিকিৎসালয়ৰ মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ লিটিকেশ দাস।আনকেইজন শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন আছিল।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com