আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ সকলো আবাসী ছাত্ৰী বিপদমুক্ত

নিবেশত থকা মুঠ ৭১ গৰাকী ছাত্ৰীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰে ৰাজ্য চৰকাৰে।
আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ সকলো আবাসী ছাত্ৰী বিপদমুক্ত

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ সকলো আবাসী ছাত্ৰী বিপদমুক্ত

গুৱাহাটীস্থিত আঞ্চলিক চিকিৎসা মহাবিদ্যালয়ৰ সকলো আবাসী ছাত্ৰী বিপদমুক্ত ক'ৰ'নাৰ পৰা বিপদমুক্ত। মহাবিদ্যালয়খনৰ ছাত্ৰী নিবেশৰ এগৰাকী আবাসীৰ শৰীৰত অতি সংক্ৰামক তথা ভয়ংকৰ ক'ৰ'না ভাইৰাছৰ উপস্থিতি অলপতে ধৰা পৰে। তাৰ পাছতে নিবেশত থকা মুঠ ৭১ গৰাকী ছাত্ৰীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰে ৰাজ্য চৰকাৰে। এই পৰীক্ষাত এগৰাকী ছাত্ৰীৰ শৰীৰতো এই মাৰাত্মক ভাইৰাছ উপস্থিতি নাই বুলি প্ৰতিবেদন প্ৰকাশ পায়। টুইটাৰযোগে এই কথা সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগে লগে বহুজনে স্বস্থিৰ নিশ্বাস পেলাইছে। 

আনহাতে, উক্ত ছাত্ৰীগৰাকীৰ শৰীৰত মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছতে গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালৰ এই আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰে ৰাজ্য চৰকাৰে। উক্ত ছাত্ৰী নিবেশত দুশ গৰাকী ছাত্ৰী থাকিব পাৰে। অৱশ্যে বৰ্তমানে ৪০ গৰাকী ছাত্ৰীহে আছে। আনহাতে, ৰাজ্যত ক'ৰ'না মহামাৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা ৬২ জনলৈ বৃদ্ধি পাইছে ।গুৱাহাটীতে পুৰুষ-মহিলাসহ পাঁচজন লোকৰ শৰীৰত ধৰা পৰিছে মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ৷ এনে পৰিস্থিতিত চৌদিশে আতংকৰ সৃষ্টি হয়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com