তুৰস্কত ভূমিকম্প, ১০০ জনতকৈ অধিক লোকৰ মৃত্যু

প্ৰায় ১৫ মিনিটৰ পিছত ৬.৭ জোখৰ ৰিখটাৰ স্কেলৰ ভূমিকম্পই অঞ্চলটোত আঘাত হানে আৰু ক্ষতিৰ পৰিমাণ বৃদ্ধি কৰে
তুৰস্কত ভূমিকম্প, ১০০ জনতকৈ অধিক লোকৰ মৃত্যু
Published on

আংকাৰাঃ সোমবাৰে পুৱতি নিশা তুৰস্কত এক বৃহৎ ভূমিকম্পত বহু সংখ্যক লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়। বহুলোক আবদ্ধ হৈ থকাৰ বাবে অঞ্চলটোত এতিয়াও অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। খবৰ অনুসৰি স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৪.১৭ বজাত তুৰস্কৰ দক্ষিণ-পূব অংশত ৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পই আঘাত হানে। প্ৰায় ১৫ মিনিটৰ পিছত ৬.৭ জোখৰ ভূমিকম্পই অঞ্চলটোত আঘাত হানে আৰু ক্ষতিৰ পৰিমাণ বৃদ্ধি কৰে। যদিও তুৰস্ক অতি উচ্চ ভূমিকম্পৰ প্ৰৱণ অঞ্চলৰ অধীনত পৰে, তথাপিও ইয়াক এক শতিকাৰ ভিতৰত আটাইতকৈ ভয়াৱহ ভূমিকম্প বুলি কোৱা হৈছে।প্ৰাথমিক বাতৰি অনুসৰি ছিৰিয়াৰ চৰকাৰী নিয়ন্ত্ৰিত অঞ্চলত আলেপ্পো, লাটাকিয়া, হামা আৰু টাৰ্টাছ অঞ্চলত মৃত্যু হোৱা লোকৰ সংখ্যা ১১০ জন আৰু আহত হোৱাৰ সংখ্যা ৫১৬ জন। তুৰস্কৰ জৰুৰীকালীন সেৱাই প্ৰায় একে সময়তে প্ৰাথমিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ৭৬ বুলি প্ৰকাশ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com