Begin typing your search above and press return to search.

ক'ৰ'নাৰ মাজতে বিশাখাপট্টনমত বিষাক্ত গেছ নিৰ্গত হৈ শিশুসহ ৮ জনৰ মৃত্যু

এটি শিশুসহ কমেও ৮ জন লোকৰ। এই ঘটনাত অসুস্থ হৈ পৰিছে ৫০০০তকৈও

কৰনাৰ মাজতে বিশাখাপট্টনমত বিষাক্ত গেছ নিৰ্গত হৈ শিশুসহ ৮ জনৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 May 2020 6:33 AM GMT

ভূতৰ ওপৰত দানহ সদৃশ!অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ পাৰ্শৱৰ্তী স্থানৰ এটা ৰাসায়নিক উদ্যোগৰ পৰা বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত মৃত্যু হৈছে এটি শিশুসহ কমেও ৮ জন লোকৰ। এই ঘটনাত অসুস্থ হৈ পৰিছে ৫০০০তকৈও অধিক লোক। বিশাখাপট্টনমৰ আৰ আৰ ভেংকটপুৰমৰ এলজি পলিমাৰছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ৰাসায়নিক প্লেণ্টত গেছ নিৰ্গত হোৱাত অঞ্চলটোৰ বাসিন্দাসকলৰ চকু জ্বলা-পোৰা আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাই দেখা দিছে বুলি জনাইছে প্ৰশাসনে। অসুস্থ হৈ পৰাৰ লগে লগে লোকসকলক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।

গ্ৰেটাৰ বিশাখাপট্টনম পৌৰনিগমৰ তৰফৰ পৰা টুইটযোগে জনাইছে, 'গোপালপট্টনমৰ এলজি পলিমাৰছত গেছ নিৰ্গত হোৱাৰ ঘনা সংঘটিত হৈছে। আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলোৱাতো নিষিদ্ধ কৰা হৈছে।'

ভিডিঅ'ত শতাধিক লোকক ৰাস্তাত ইফালে-সিফালে দৌৰাদৌৰি কৰা দেখা গৈছে। শুনা গৈছে চাইৰেনৰ শব্দ। যিসকলে অসুস্থ অনুভৱ কৰিছে সেইসকলক মাস্ক পৰিহিত প্ৰশাসনৰ লোকসকলে কোলাত দাঙি লৈ যোৱা দেখা গৈছে। এম্বুলেন্সৰ অভাৱত বহু লোক ডিভাইদাৰৰ ওপৰতে পৰি ৰৈছে।

স্থানীয় লোকসকলে মোবাইলত সংগ্ৰহ কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। এনেদৰে এতিয়া সমগ্ৰ অঞ্চলটোতে বিয়পি পৰিছে ভয় আৰু আতংক। এনডিআৰএফ আৰু এছডিআৰএফৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও কৰ'না আতংকৰ মাজতে এয়া হৈ পৰিছে ভূতৰ ওপৰত দানহ সদৃশ

Next Story