Begin typing your search above and press return to search.

অধীক্ষক ডাঃ তালুকদাৰসহ জি এম চি এইচৰ ন চিকিৎসকক কুৱাৰেণ্টাইন

অধীক্ষক ডাঃ ৰমেন তালুকদাৰসহ ৯ গৰাকী চিকিৎসকক কুৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে।

অধীক্ষক ডাঃ তালুকদাৰসহ জি এম চি এইচৰ ন চিকিৎসকক কুৱাৰেণ্টাইন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 May 2020 10:11 AM GMT

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰসহ ৯ গৰাকী চিকিৎসকক কুৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে। আজি এখন সংবাদমেলত এই কথা সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত যোৱা নিশা আন চাৰিজন ব্যক্তিৰ সৈতে জি এম চি এইচৰ এজন চিকিৎসকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰা হয়। উক্ত চিকিৎসকজন জি এম চি এইচৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰ।

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি জি এম চি এইচ কৰ্তৃপক্ষই অধীক্ষক ৰমেন তালুকদাৰৰ সৈতে ৯জন চিকিৎসকক কুৱাৰেণ্টাইন কৰাৰ লগতে আক্ৰান্ত চিকিৎসকজনৰ সংস্পৰ্শলৈ অহা চিকিৎসক আৰু ৰোগীৰসকলৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছে। আক্ৰান্ত চিকিৎসকজনে জি এম চি এইছৰ নিউ কেবিনত চিকিৎসা সেৱা আগবঢ়াই আহিছিল।

ইপিনে, চিকিৎসা মহাবিদ্যালয়খনৰ ১ আৰু ৫ নম্বৰ ছাত্ৰাবাস বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বে জি এম চি এইচখন নতুন ৰোগীৰ বাবে বন্ধ কৰি দিয়া হ'ব বুলি টুইটাৰ যোগে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। ভৰ্তি হৈ থকা পূৰ্বৰ ৰোগী সমূহকে উন্নত চিকিৎসা প্ৰদান কৰা হ'ব তথা স্বোৱাব চেম্পল সংগ্ৰহ কৰা হ'ব বুলিও তেওঁ লগতে জানিবলৈ দিছিল।

Next Story