Begin typing your search above and press return to search.

ক'ৰ'না বিভীষিকা : নগালেণ্ডত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ৩৬ লৈ বৃদ্ধি

Nagaland

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 May 2020 7:15 AM GMT

ক'ৰ'না বিভীষিকা : নগালেণ্ডত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ৩৬ লৈ বৃদ্ধি

নগালেণ্ডৰ নতুনকৈ ১১ জন ব্যক্তিৰ দেহত পোৱা গৈছে মহামাৰী সৃষ্টি কৰা ক'ৰ'না ভাইৰাছৰ অৱস্থিতি। এই লোক সকলৰ ভিতৰত নজন পুৰুষ আৰু দুগৰাকী মহিলা । এই আটাইকেইজন লোক কিছুদিন পূৰ্বে চেন্নাইৰ পৰা নগালেণ্ডত উপস্থিত হয় । ইয়াৰে ৮ জন ডিমাপুৰৰ আৰু ৩ জন ক'হিমাৰ বুলি জানিব পৰা গৈছে । ইয়াৰ ফলত নগালেণ্ডত মুঠ ক'ৰোনা আক্ৰান্ত ব্যক্তিৰ সংখ্যা হয় ৩৬ জনলৈ বৃদ্ধি পাইছে। নগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংনু ফমে টুইটাৰযোগে এই কথা সদৰী কৰিছে।

উল্লেখ্য যে তলাবন্ধৰ ফলত দেশৰ আন ৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক নগালেণ্ডলৈ উভতাই অনাৰ পিছতে ৰাজ্যখনত ক'ৱিড-১৯ ৰোগীৰ সংখ্যা আকস্মিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে।

কালি নগালেণ্ডত ৭ জন ব্যক্তিৰ দেহত ধৰা পৰে ক'ৰ'নাৰ অৱস্থিতি। টুইটাৰ যোগে নগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি ইয়াৰে দুজন ডিমপুৰৰ , চাৰিজন ক'হিমাৰ আৰু এজন টুইনচাং জিলাৰ ।

তদুপৰি ২৬ মে'ত নগালেণ্ডত প্ৰথমবাৰৰ বাবে এজন লোকৰ দেহত ক'ৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ তেওঁ চেন্নাইৰ পৰা আহি নগালেণ্ডত উপস্থিত হৈছিল । এই সম্পৰ্কে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰি জনসাধাৰণক শংকিত নহ'বলৈ আহ্বান জনায়।

ইপিনে, দেশত নিতৌ বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা। উল্লেখযোগ্য যে ভাৰতবৰ্ষত ক'ৰংনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৪,৯৭১ জন ব্যক্তি । আনহাতে, বৰ্তমানলৈকে ভাৰতবৰ্ষত এই ভাইৰাছৰ দ্বাৰা মুঠ ১৭,৩,৭৬৩ জন ব্যক্তি আক্ৰান্ত হৈছে । ইয়াৰে সুস্থ হৈছে ৮২,৩৭০ জন ব্যক্তি।

Next Story