ছদিনীয়া প্ৰতিবাদৰ পাছত পুনৰ মুকলি উত্তৰ-পূবৰ ৯ খন এল পি জি প্লাণ্ট
ছয়দিনজোৰা প্ৰতিবাদৰ অন্তত আজিৰ পৰা মুকলি হ'ল অসমসহ উত্তৰ-পূবৰ ৯ খন এল পি জি বটলিং ক্ষেত্ৰ ৷ নৰ্থ-ইষ্ট পেকড এল পি জি ট্ৰান্সপ'ৰ্টাৰ এছ'চিয়েচন নামৰ সংগঠনটোৰ আহ্বানমৰ্মে এই প্ৰতিবাদ ৰূপায়িত হয় ৷ ফলত এই বটলিং প্লাণ্টসমূহ অচল হৈ আছিল। আজি প্ৰতিবাদকাৰীসকলৰ প্ৰতিনিধিৰ সৈতে অসম চৰকাৰ আৰু ভাৰতীয় তেল নিগম (আই অ' চি)-ৰ প্ৰতিনিধি আলোচনাত মিলিত হয় ৷
এই আলোচনামৰ্মে প্ৰতিবাদকাৰীসকলে আন্দোলন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা এই খন এল পি জি বটলিং প্লাণ্ট পুনৰ মুকলি হৈছে। প্লান্টকেইখন হ'লঃ উত্তৰ গুৱাহাটী বটলিং প্লান্ট, বঙাইগাঁও প্লান্ট, মিৰ্জা বটলিং প্লান্ট, গোপানাৰী বটলিং প্লান্ট, তিনিচুকীয়া প্লান্ট, দুলীয়াজান প্লান্ট, ছেকমাই প্লান্ট, ডিমাপুৰ প্লাণ্ট আৰু ত্ৰিপুৰা প্লান্ট। উল্লেখ্য যে এক নিবিদা প্ৰক্ৰিয়া গুৱাহাটীৰ পৰিৱৰ্তে কলকাতাৰ পৰা কৰাৰ প্ৰতিবাদত এল পি জি ট্ৰান্সপ'ৰ্টাৰ সংস্থাই এই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ আজি প্ৰতিবাদকাৰীসকলৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনাত অসম চৰকাৰৰ ফালৰ পৰা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অংশগ্ৰহণ কৰে ৷