গুৱাহাটীৰ ৰাজপথত সুৰাপায়ী যুৱতীৰ তাণ্ডৱ

ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত দেখা গৈছে যে এগৰাকী যুৱতীয়ে অস্পষ্ট ভাষাত ৰাস্তাত মানুহৰ ওপৰত গালিবৰ্ষণ কৰি আছে।
গুৱাহাটীৰ ৰাজপথত সুৰাপায়ী যুৱতীৰ তাণ্ডৱ
Published on

এগৰাকী সুৰাপান কৰা মহিলা চালকে সোমবাৰে নিশা গুৱাহাটীৰ এটা ব্যস্ত ৰাজপথত তাণ্ডৱৰ সৃষ্টি কৰে। 

ঘটনাটো হাতীগাঁৱত সংঘটিত ৰয়। যুৱতীগৰাকীয়ে ঘটনাস্থলীত সমবেত হোৱা লোকসকলকো ভৰ্ৎসনা কৰে। 

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত দেখা গৈছে যে এগৰাকী যুৱতীয়ে অষ্পষ্ট ভাষাত ৰাজপথত মানুহৰ ওপৰত গালি-গালাজ কৰি আছে আৰু লগতে যান-বহন আৰক্ষী আৰু আন কেইজনমান লোকৰ সৈতে তৰ্কা-তৰ্কি কৰি আছে।

কিছু লোকে লগতে অভিযোগ কৰিছে যে নিচাগ্ৰস্ত অৱস্থাত থকা যুৱতীগৰাকীয়ে তেওঁৰ গাড়ীখন অসাৱধানতাৰে চলাই যাত্ৰী আৰু পথচাৰীসকলৰ মাজত ভয়ৰ সৃষ্টি কৰে। ৰাইজে সুৰাপান কৰা যুৱতীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। 

লক্ষণীয় যে এই মাহৰ আৰম্ভণিতে আন এগৰাকী সুৰাসক্ত যুৱতীয়ে গড়চুক আৰক্ষী থানাত হুলস্থূল সৃষ্টি কৰে।

ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হোৱা ভিডিঅ'টোত দেখুওৱা হৈছিল যে আৰক্ষীয়ে আটক কৰা যুৱতীগৰাকীয়ে আৰক্ষী থানাচৌহদত জোৰেৰে চিঞৰিছিল। উপদ্ৰৱ সৃষ্টি কৰোঁতে যুৱতীগৰাকীৰ হাতত এটা সুৰাৰ বটল দেখা গৈছিল।

যুৱতীগৰাকীক আৰক্ষী চকীলৈ লৈ যোৱা এজন উবেৰ চালকে কৈছিল যে এজন যুৱকে তেওঁৰ গাড়ীত যুৱতীগৰাকীক এখন ৰেষ্টুৰেণ্টৰ পৰা পঠিয়াইছিল।

'' যুৱতীগৰাকী নিচাগ্ৰস্ত অৱস্থাত আছিল। সেয়ে মই লিফ্ট দিব বিচৰা নাছিলো কিয়নো আমাৰ কোম্পানীয়ে ইয়াৰ অনুমতি নিদিয়ে। কিন্তু মোৰ গাড়ী বুক কৰা যুৱকজনে মোক যুৱতীগৰাকীক লিফ্ট দিবলৈ বাধ্য কৰিছিল," চালকজনে লগতে জনাইছিল ।

লক্ষণীয়ভাৱে একে ধৰণৰ উদাহৰণ, ১ অক্টোবৰৰ নিশা সুৰাৰ ৰাগীত মাতাল হৈ মডেল ৰাজকন্যা বৰুৱাই গাড়ীৰে ৯ জন পিডব্লিউডি শ্ৰমিকক মহতিয়াই আঘাত কৰিছিল । যাৰ ভিতৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন শ্ৰমিকৰ মৃত্যু ঘটিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com