যোৰহাটত ৯ বছৰীয়া শিশুৰ দেহত ক'ৰ'না ভাইৰাছ, অসমত আক্ৰান্ত ৯৬লৈ বৃদ্ধি

অসমত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯৬লৈ বৃদ্ধি পাইছে।
যোৰহাটত ৯ বছৰীয়া শিশুৰ দেহত ক'ৰ'না ভাইৰাছ, অসমত আক্ৰান্ত ৯৬লৈ বৃদ্ধি
Published on

যোৰহাটত ৯ বছৰীয়া শিশুৰ দেহত ক'ৰ'না ভাইৰাছ, অসমত আক্ৰান্ত ৯৬লৈ বৃদ্ধি

যোৰহাটত এটি ন বছৰীয়া শিশুৰ শৰীৰত মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। দিল্লীৰ পৰা আত্মীয়ৰ সৈতে কিছুদিন পূৰ্বে অহা শিশুটি সম্প্ৰতি য়োৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ আছে। এই শিশুটি ক'ৰ'নাত আক্ৰান্ত বুলি নিশ্চিত কৰাৰ লগে লগে অসমত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯৬লৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে যোৱা নিশা শিৱসাগৰৰ এজন ছাত্ৰৰ শৰীৰত মাৰাত্মক এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে। এই ক'ৰ'না আক্ৰান্তজন হ'ল শিৱসাগৰৰ গেলেকীৰ এজন যুৱক। প্ৰাপ্ত তথ্য অনুসৰি যুৱকজনৰ বয়স ১৯ বছৰ। তেওঁ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰি আছিল। যোৱা ১১ মে'ত তেওঁ অসমলৈ আহে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশা ২.৩৩ বজাত টুইটাৰ যোগে এই যুৱকজনৰ শৰীৰত ক'ৱিড-১৯ ধৰা পৰাৰ কথা প্ৰকাশ কৰে। যুৱকজনৰ লগতে আটাইকেইজন ব্যক্তিক যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টিন চেন্টাৰত ৰখা হৈছিল। ইতিমেধ্যে তেওঁক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, অসমত এতিয়ালৈকে ৯৫ গৰাকী লোকৰ শৰীৰত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ। ইয়াৰে ৫১ গৰাকী চিকিৎসাধীন আৰু ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে। ইপিন, দুজনৰ মৃত্যু হৈছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com