মহিলাৰ বাবে সংৰক্ষিত ৰে'লত দবাত উঠি যৌনাংগ প্ৰদৰ্শন কৰিলে যুৱকে!

ভাইৰেল হৈ পৰিছে যুৱকৰ নিলৰ্জ কাণ্ডৰ এই ভিডিঅ' ।
মহিলাৰ বাবে সংৰক্ষিত ৰে'লত দবাত উঠি যৌনাংগ প্ৰদৰ্শন কৰিলে যুৱকে!

কালীপূজাৰ ঠিক পিছৰ দিনা পশ্চিমবংগৰ মেদিনীপুৰৰ লোকেল ট্ৰেইনত ঘটিছিল এক নিলৰ্জ ঘটনা। ভিডিঅ'টো শ্বেয়াৰ কৰিছে এগৰাকী মহিলাই।

আপুনি নিশ্চয় ভাবিছে ভিডিঅ'টোত আছে কি ?

ভিডিঅ'টোত ট্ৰেইনৰ ভিতৰৰ দৃশ্যত ট্ৰেইনখনৰ সংৰক্ষিত দবাত মহিলা যাত্ৰীসকল বহি আছে। মুখত সকলোৰে মাস্ক পৰিধান কৰি আছে । কিন্তু সেইসময়তে এজন যুৱক উঠি আহে দবাটোলৈ। ইতিমধ্যে এই ভিডিঅ'কলৈ ছচিয়েল মিডিয়াত প্ৰতিবাদ চলিছে। আৰক্ষীৰ পৰাও উত্তৰ বিচৰা হৈছে । মহিলাসকলে কেতিয়া নিৰাপদ হৈ মুক্তভাৱে ঘূৰিব পাৰিব ?

ভিডিঅ'টোত দেখা গৈছে যে এজন যুৱকে প্ৰথমে মহিলাসকলৰ ফালে চাই থাকে। পিছত আক্ৰমণ কৰিবলৈ চেষ্টা কৰে আৰু অশ্লীল ভাবে মহিলাৰ শৰীৰত হাত দিয়ে। মহিলাসকলে প্ৰতিবাদ কৰোৱেই ট্ৰেইনৰ ভিতৰতে পেণ্ট খুলি নিজৰ যৌনাংগ দেখুৱাই এই নিলৰ্জ যুৱকজনে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com