এ জে পিঃ আছু-যুৱ ছাত্ৰ পৰিষদৰ নতুন আঞ্চলিক দল গঠন

উদ্যোক্তাই লগতে কয় যে তেওঁলোকে জনতাৰ পৰা দিহা-পৰামৰ্শ বিচাৰিব।
এ জে পিঃ আছু-যুৱ ছাত্ৰ পৰিষদৰ নতুন আঞ্চলিক দল গঠন

প্ৰত্যাশিতভাবে আছু আৰু অসম যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নতুন আঞ্চলিক দল গঠন হ'ল ৷ আজি নেতৃত্বই এই নতুন দলৰ নাম ঘোষণা কৰে ৷ আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে গঠন কৰা এই নতুন দলৰ নাম অসম জাতীয় পৰিষদ ( এ জে পি)। সংবাদ মাধ্যমৰ আগত এই নতুন দলৰ নাম আৰু ইয়াৰ কাৰ্যপন্থা সম্পৰ্কে সদৰী কৰি দলৰ আহ্বায়ক বসন্ত ডেকাই কয়, " আমি কেৱল এটা ৰাজনৈতিক দল হ'বলৈ নিবিচাৰো। আমি জনতাৰ বন্ধুত পৰিণত হ'ব বিচাৰো। আমি প্ৰতিঘৰ মানুহৰ সৈতে সম্পৰ্ক স্থাপন কৰিম ৷ কেৱল নিৰ্বাচনৰ সময়তহে মানুহৰ কাষলৈ নাযাওঁ ৷" নৱগঠিত এই দল আগন্তুক নিৰ্বাচনত বিজেপি বিকল্প হ'ব বুলিও উদ্যোক্তাই আশাপ্ৰকাশ কৰে ৷

উদ্যোক্তাই লগতে কয় যে তেওঁলোকে জনতাৰ পৰা দিহা-পৰামৰ্শ বিচাৰিব। এই দিহা-পৰামৰ্শসমূহ আছুৰ আগন্তুক ৰাজনৈতিক সমাৱেশত আলোচনা কৰা হ'ব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com