নৱেম্বৰৰ পৰা এইমছ চাংসাৰিত পাঠদান আৰম্ভ হ'বঃ মন্ত্ৰী শৰ্মা

উক্ত অনুষ্ঠানত লখিমপুৰ মেডিকেল কলেজৰ ২০১গৰাকী নাৰ্ছ আৰু গ্ৰাম্য সেৱাৰ ১৫৭গৰাকী চিকিত্সকক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।
নৱেম্বৰৰ পৰা এইমছ চাংসাৰিত পাঠদান আৰম্ভ হ'বঃ মন্ত্ৰী শৰ্মা

চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা এইমছ চাংসাৰিত পাঠদান আৰম্ভ হ'ব। আজি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এক অনুষ্ঠানত এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত দিয়া ভাষণত স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে অহা ১ নৱেম্বৰৰ পৰা সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, চাংসাৰিত বিদ্যায়তনিক আৰম্ভ হ'ব।

ভাষণত তেওঁ লগতে কয় যে চলিত বৰ্ষত ৰাজ্য চৰকাৰে দুখন মেডিকেল কলেজ ক্ৰমে ডিফু মেডিকেল কলেজ আৰু লখিমপুৰ মেডিকেল কলেজৰ নিৰ্মাণ কাম সম্পূ্ৰ্ণ কৰিবলৈ সক্ষম হৈছে। উক্ত অনুষ্ঠানত লখিমপুৰ মেডিকেল কলেজৰ ২০১গৰাকী নাৰ্ছ আৰু গ্ৰাম্য সেৱাৰ ১৫৭গৰাকী চিকিত্সকক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com