অসমৰ চৰকাৰী শিক্ষানুষ্ঠানত অনলাইনত হ'ব নামভৰ্তিঃ শিক্ষা বিভাগৰ সিদ্ধান্ত

ইয়াৰ বাবে প্ৰয়োজনীয় সকলো নথিপত্ৰ ছাত্ৰ-ছাত্ৰীসকলে স্কেন কৰি জমা দিব লাগিব
অসমৰ চৰকাৰী শিক্ষানুষ্ঠানত অনলাইনত হ'ব নামভৰ্তিঃ শিক্ষা বিভাগৰ সিদ্ধান্ত

অসমৰ চৰকাৰী শিক্ষানুষ্ঠানত অনলাইনত হ'ব নামভৰ্তিঃ শিক্ষা বিভাগৰ সিদ্ধান্ত

আগন্তুক ২০২০-২১শিক্ষাবৰ্ষত ৰাজ্যৰ সকলো চৰকাৰী শিক্ষানুষ্ঠানত অন-লাইন পদ্ধিতিৰে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়া মুকলিৰ চিন্তা-চৰ্চা কৰিছে শিক্ষা বিভাগে । ক'ৰ'না মহামাৰীৰ প্ৰকোপ বৃদ্ধিৰ সময়তে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত এনে সুবিধা মুকলিৰ গুণা-গঁথা কৰিছে শিক্ষা বিভাগে ৷ শিক্ষা বিভাগে লোৱা সিদ্ধান্ত অনুসৰি ২০২০-২১শিক্ষাবৰ্ষত ৰাজ্যৰ সকলো চৰকাৰী বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু কাৰিকৰী শিক্ষানুষ্ঠানত অন-লাইন পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি সম্পন্ন কৰা হ'ব ৷ ইয়াৰ বাবে প্ৰয়োজনীয় সকলো নথিপত্ৰ ছাত্ৰ-ছাত্ৰীসকলে স্কেন কৰি জমা দিব লাগিব ৷ আজি আগবেলা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ প্ৰধান সচিব আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷ এই আলোচনাত উক্ত নতুন চৰকাৰী আঁচনিখনৰ সুষম ৰূপায়নত গুৰুত্ব আৰোপ কৰা হয় ৷ ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ পৰিপ্ৰেক্ষিতত এনেদৰে চৰকাৰী শিক্ষানুষ্ঠানসমূহত অনলাইন পদ্ধতিৰে নামভৰ্তিৰ সুবিধা মুকলিৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷ এই কথা সদৰী কৰি উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই এক জাননীত কয় যে নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে মাৰ্কশ্বিট, প্ৰমাণপত্ৰকে ধৰি আনুসংগিক নথি-পত্ৰ স্কেন কৰি জমা দিব লাগিব ৷ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই এইসমূহৰ পৰীক্ষা-নিৰীক্ষা কৰি যোগ্যতা অনুসৰি এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক নামভৰ্তিৰ সুবিধা প্ৰদান কৰিব ৷ আনহাতে, এইবাৰ ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীক চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ মাচুলকে ধৰি সকলো ধৰণৰ মাচুল পৰিশোধৰ পৰা ৰেহাই দিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com