অসম আৰক্ষীত ৬ হেজাৰ পদত নিযুক্তিঃ শীঘ্ৰে প্ৰকাশ পাব বিজ্ঞাপনঃ শৰ্মা

এনে এটা সিদ্ধান্ত অনুসৰি নতুনকৈ এহেজাৰ আৰক্ষী আবাস নিৰ্মাণ আৰু আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰা হব।
অসম আৰক্ষীত ৬ হেজাৰ পদত নিযুক্তিঃ শীঘ্ৰে প্ৰকাশ  পাব বিজ্ঞাপনঃ শৰ্মা
Published on

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে এটা সুখবৰ। অসম আৰক্ষীত শীঘ্ৰে ৬ হেজাৰ পদত নিযুক্তিৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন।  গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম আৰক্ষীৰ ৬ হেজাৰ পদত নিযুক্তিৰ বাবে  অহা সপ্তাহৰ ভিতৰত প্ৰকাশ পাব বিজ্ঞাপন ৷ এই পদসমূহৰ মাজত পাঁচটা কমাণ্ডো বেটেলিয়নৰ পদো আছে ৷

এক পুনৰীক্ষণ বৈঠকত এই সিদ্ধান্ত গৃহীত হয়। মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত আৰক্ষী ব্যৱস্থাৰ অধিক উন্নতি সাধনৰ উদ্দেশ্য ৮ টা বৃহত্ সিদ্ধান্ত লোৱা হৈছে। এনে এটা সিদ্ধান্ত অনুসৰি নতুনকৈ এহেজাৰ আৰক্ষী আবাস নিৰ্মাণ আৰু আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰা হব।

এই সম্পৰ্কত মুখ্যমন্ত্ৰী শৰ্মাই এটা টুইটত কয়, " অহা সপ্তাহৰ ভিতৰত অসম আৰক্ষীত ছহেজাৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হব। ইয়াৰ লগত পাঁচটা কমাণ্ডো বেটেলিয়নো আছে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন পুনৰীক্ষণ বৈঠকত এই সিদ্ধান্তসমূহ লোৱা হৈছে।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com