২৯ বছৰৰ পিছত অসমৰ পৰা প্ৰত্যাহাৰ হব পাৰে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)

২৯ বছৰৰ পিছত অসমৰ পৰা প্ৰত্যাহাৰ হব পাৰে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)
Published on: 

সুদীৰ্ঘ ২৯ বছৰৰ পিছত অসমৰ পৰা প্ৰত্যাহাৰ হব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন অৰ্থাৎ AFSPA । আগষ্ট মাহৰ পৰা এই আইনখন প্ৰত্যাহাৰৰ সম্ভাৱনা আছে। ইতিমধ্যে কেন্দ্ৰয়ে ৰাজ্যলৈ জাননী প্ৰেৰণ কৰিছে ।

১৯৯০ চনৰ ২৭ নবেম্বৰত সশস্ত্ৰ সংগঠন আলফাৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিততে অসমক অশান্ত ৰাজ্য হিচাপে ঘোষণা কৰি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন খন অৰ্থাৎ AFSPA বলৱৎ কৰিছিল ।

কিছুমান জিলাত পৰিস্থিতি উন্নত হোৱাত এই আইন খন প্ৰত্যাহাৰ কৰা হৈছিল । সেনাৰ স্থানত আৰক্ষী আৰু পেৰামিলিটৰি বাহিনীক মোতায়েন কৰা হৈছিল ।

সুদীৰ্ঘ ২৯ বছৰৰ পিছত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন খন প্ৰত্যাহাৰৰ পৰিকল্পনাৰ কৰিছে কেন্দ্ৰয়ে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com