আজমলে নতুনকৈ নিৰ্মাণ কৰিব সুধাকণ্ঠৰ কুঠৰীৰ বাসগৃহ !

আজমলে এই গৃহ ব্যক্তিগত খৰচত শীঘ্ৰে পুনৰ নিৰ্মাণ কৰিব বুলি দলৰ মুখপাত্ৰ কলিতাই সংবাদ মাধ্যমক জনায় ।
আজমলে নতুনকৈ নিৰ্মাণ কৰিব সুধাকণ্ঠৰ কুঠৰীৰ বাসগৃহ !
Published on

কাজিৰঙাপ প্ৰতি অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰাণভৰৰা বালপোৱা আছিল। সুধাকণ্ঠই একালত কাজিৰঙাতে ঘৰ সাজি থকাৰ পৰিকল্পনা কৰিছিল। কাজিৰঙাৰ কুঠৰীত নিৰ্মাণো কৰিছিল এটা বাসগৃহ। সম্প্ৰতি ড০ হাজৰিকাৰ তেওঁৰ কুঠৰীৰ গৃহ মেৰামতি কৰাৰ কথা ঘোষণা কৰিছে এআইডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে। এই উদ্দেশ্যে এআইডিএফৰ মুখপাত্ৰ চম্পক কলিতাৰ নেতৃত্বত এটা দল অচিৰেই কুঠৰীলৈ ৰাওনা হ'ব বুলি এক সূত্ৰই জনায়।

সূত্ৰটোৱে জনোৱা মতে, এই দলটোত থাকিব অভিজ্ঞ অভিযন্তাও। আজমলে  এই গৃহ ব্যক্তিগত  খৰচত শীঘ্ৰে পুনৰ নিৰ্মাণ কৰিব বুলি দলৰ মুখপাত্ৰ কলিতাই  সংবাদ মাধ্যমক জনায় ।

উল্লেখ্য যে বহু সপোন সত্বেও যাযাবৰ শিল্পী সুধাকণ্ঠৰ কাজিৰঙাত চিৰদিন থকাৰ হেঁপাহ পূৰ্ণ ন'হল। তদুপৰি তেওঁ কায়িকভাৱে পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ পাছত গৃহটো এলাগী হৈ পৰে। আনকি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে সুধাকণ্ঠৰ কুঠৰীৰ গৃহ সংৰক্ষণৰ কথা ঘোষণা কৰিছিল যদিও সেয়া মাথোঁ ঘোষণা হৈয়ে ৰ'ল। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com