Begin typing your search above and press return to search.

দেৱালীৰ দিনা গুৱাহাটীত বিক্ৰী হ'ল ৫ কোটি টকাৰ সুৰা

গুৱাহাটীত বিক্ৰী হোৱা ৫,০১,৩২,০০০ টকাৰ ভাৰতত তৈয়াৰী বিদেশী সুৰা।ইয়াৰে ২,৫৬,৭০,০০০ টকাৰ সুৰা ৪ নৱেম্বৰত বিক্ৰী হয়।

দেৱালীৰ দিনা গুৱাহাটীত বিক্ৰী হল ৫ কোটি টকাৰ সুৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Nov 2021 7:01 AM GMT

যোৱা বছৰ ক'ৰণা মহামাৰীৰ বাবে হোৱা লক-ডাউনৰ ফলত লোকচানৰ সন্মুখীন হোৱা সুৰাৰ দোকানসমূহে অৱশেষত এই দেৱালী উদযাপন কৰাৰ কাৰণ পাইছে কিয়নো সুৰাৰ বিক্ৰী চহৰখনত এক বৃহৎ পৰিমানত হৈছে । বাতৰি অনুসৰি চহৰখনত ৪ আৰু ৫ নৱেম্বৰত দেৱালী উপলক্ষে ৫ কোটি টকাৰ সুৰা বিক্ৰী হয়।

গুৱাহাটীত বিক্ৰী হোৱা ৫,০১,৩২,০০০ টকাৰ ভাৰতত তৈয়াৰী বিদেশী সুৰা (আইএমএফএল)। যাৰ ভিতৰত ২,৫৬,৭০,০০০ টকাৰ আইএমএফএল ৪ নৱেম্বৰত বিক্ৰী কৰা হৈছিল আনহাতে ৫ নৱেম্বৰত ২,৪৪,৬২,০০০ টকাৰ সুৰা বিক্ৰী কৰা হয়।

বৃহস্পতিবাৰে কিছু সংখ্যক সুৰাৰ দোকান সন্ধিয়ালৈকে খোলা আছিল বুলিও খবৰ পোৱা গৈছিল। অৱশ্যে সংশ্লিষ্ট বিভাগে দোকানসমূহ চিনাক্ত কৰিব নোৱাৰিলে। অন্যহাতে,সুৰাই দেৱালীৰ সময়ত শিৰোনাম দখল কৰাই নহয়, বহু দুৰ্ঘটনাও সংঘটিত কৰে ।

দীপাৱলী উৎসৱৰ দুদিনীয়া (৪ আৰু ৫ নৱেম্বৰ, ২০২১) সময়ত, অসমত ২৪২ টা পথ যান-বাহন দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ ভিতৰত, শোনিতপুৰ জিলাত সৰ্বাধিক ১৯ টা দুৰ্ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছত ধেমাজিত ১৭ টা ঘটনা সংঘটিত হৈছিল।

কামৰূপত এনে ধৰণৰ ১৫ টা দুৰ্ঘটনা সংঘটিত হৈছিল; গোলাঘাট আৰু মৰিগাঁৱত ১৪ টাকৈ; নগাঁও, মাজুলী আৰু তিনিচুকীয়াত ১২ টাকৈ; কাছাৰ আৰু নলবাৰীত প্ৰত্যেকে ১১টা; বাক্সাত ১০; কামৰূপ (মেট্ৰ ) আৰু দৰংত ৯ টাকৈ; বৰপেটা, গোৱালপাৰা, যোৰহাট আৰু শিৱসাগৰত ৮ টাকৈ, বঙাইগাঁও আৰু লখিমপুৰত ৭ টাকৈ; ডিব্ৰুগড় আৰু কৰিমগঞ্জত ৫ টাকৈ; চিৰাং, কাৰ্বি আংলং আৰু ওদালগুৰিত ৪ টাকৈ; কোকৰাঝাৰত ৩ টা; ধুবুৰী, ডিমা হাচাও আৰু হাইলাকান্দিত ২ টাকৈ দুৰ্ঘটনা সংঘটিত হৈছিল ।

৪ নৱেম্বৰত সূত্ৰ অনুসৰি, ৰাজ্যখনত সৰ্বাধিক ১২৯ টা গোচৰ ৰুজু কৰা হৈছিল আনহাতে, ৫ নৱেম্বৰত ৰাজ্যখনে ১১৩ টা দুৰ্ঘটনাৰ গোচৰ ৰুজু কৰিছিল। '' সূত্ৰটোৱে লগতে কয়, ''ৰাজ্যখনত দেৱালীৰ দুদিনৰ সময়ছোৱাত ১৩ টা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।


আৰু পঢ়িব পাৰেঃ চত্তিশগড়ৰ চি আৰ পি শিবিৰত ভয়ংকৰ ঘটনা, সতীৰ্থৰ গুলিত ৪ জোৱান নিহত

Next Story
চাকৰি