ক'ৰ'না মহামাৰীঃ সমগ্ৰ গুৱাহাটীত ঘোষিত হ'ব পাৰে সম্পূৰ্ণ ল'কডাউন

ক’ৱিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থাকিলে চৰকাৰে সমগ্ৰ মহানগৰীত পুনৰ সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰিব পাৰে ৷
ক'ৰ'না মহামাৰীঃ সমগ্ৰ গুৱাহাটীত ঘোষিত হ'ব পাৰে সম্পূৰ্ণ ল'কডাউন

পুনৰ গুৱাহাটী মহানগৰীত সম্পূৰ্ণ লকডাউন ঘোষিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৷ ইতিমধ্যে মহানগৰীৰ ১১টা ৱাৰ্ডৰ কেতবোৰ অঞ্চলত ১৪দিনৰ বাবে সম্পূৰ্ণ তলাবন্ধ ঘোষিত হৈছে ৷ আনহাতে, ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ এনে অৱস্থা অব্যাহত থাকিলে সমগ্ৰ মহানগৰীত পুনৰ সম্পূৰ্ণ তলাবন্ধ ঘোষিত হোৱাৰ সম্ভাৱনা আছে ৷ বুধবাৰে সাংবাদিকৰ আগত ইয়াৰ এক ইংগিত দি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুয হাজৰিকাই কয় যে ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থাকিলে চৰকাৰে সমগ্ৰ মহানগৰীত পুনৰ সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰিব পাৰে ৷

গুৱাহাটীৰ পৰিস্থিতিৰ দিনক দিনে অধিক অৱনতি ঘটিছে বুলি উল্লেখ কৰি মন্ত্ৰীজনে আৰু কয় যে চৰকাৰী কাৰ্যালয়, চিকিৎসালয় , শ্বপিং মল আদিতো ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে ৷ যিহেতু গুৱাহাটীৰ পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে। গতিকে ৰাজ্যৰ আন স্থানৰ লোকক গুৱাহাটীলৈ অহাৰ পৰা বিৰত থাকিবলৈ মন্ত্ৰী হাজৰিকাই আহ্বান জনায়। আনহাতে, কৱিড-১৯নিয়ন্ত্ৰণৰ বিধি নমনাৰ বাবেও এই মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলিও তেওঁ মন্তব্য কৰে ৷ হাজৰিকাই কয় যে ক'ৰ'না আক্ৰান্তৰ সংখ্যা তড়িত গতিত বৃদ্ধি পোৱাৰ সময়তে গড়কাপ্টানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়, শ্বপিংমল আদিতো ক'ৰ'না আক্ৰান্ত চিনাক্ত হয় । পুনৰ সম্পূৰ্ণ ল'কডাউন ঘোষিত হ'লে অৰ্থনীতি আৰু শিক্ষাখণ্ডৰ বিস্তৰ ক্ষতি হ'ব বুলিও মন্ত্ৰীজনে উদ্বেগ প্ৰকাশ কৰে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com