ক'ৰ'না আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ আমবাৰী লেম্বৰোডক কণ্টেইনমেণ্ট জ'ন চিহ্নিত

এহাল নাৰী-পুৰুষ ক'ৰ'না আক্ৰান্তৰূপে চিহ্নিত হোৱাৰ পাছত লেম্ব ৰোডক জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত কৰিছে।
ক'ৰ'না আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ আমবাৰী লেম্বৰোডক কণ্টেইনমেণ্ট জ'ন চিহ্নিত
Published on

ক'ৰ'না আক্ৰান্ত চিনাক্ত গুৱাহাটীৰ আমবাৰীৰ লেম্বৰোডক কণ্টেইনমেণ্ট জ'ন চিহ্নিত

ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীৰ আৰু এটা অঞ্চল ক'ৰ'না কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত হ'ল। এহাল নাৰী-পুৰুষ ক'ৰ'না আক্ৰান্তৰূপে চিহ্নিত হোৱাৰ পাছত গুৱাহাটীৰ লেম্ব ৰোডক জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত কৰিছে। এই লোকহাল জলপাইগুৰিৰ পৰা আহিছিল। তেওঁলোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছতে দুয়োকে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আনহাতে, কালি গুৱাহাটীৰ তিনিটা অঞ্চল ক্ৰমে লালগণেশ, আঠগাঁও আৰু ধীৰেণপাৰাক কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত কৰা হয়। উল্লেখ্য যে কালিলৈকে ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩০৯২লৈ বৃদ্ধি পায়। মাথোঁ ১২ ঘণ্টাতে ১৫৫জন নতুন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। স্বস্তিৰ বতৰা যে একে সময়তে ১৫২জনক সুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত হাস্পতালৰ পৰা যাবলৈ দিয়া হয়।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com