Begin typing your search above and press return to search.

অসমৰ সপ্তমঃ এ এম চিক ক'ৱিড-১৯ৰ পৰীক্ষাগাৰৰূপে স্বীকৃতি

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালক ক'ৱিড-১৯ৰ ৰাজ্যৰ সপ্তমটো পৰীক্ষাগাৰৰূপে স্বীকৃতি প্ৰদান কৰিছে।

অসমৰ সপ্তমঃ এ এম চিক কৱিড-১৯ৰ পৰীক্ষাগাৰৰূপে স্বীকৃতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-05-06T13:01:35+05:30

ক'ৱিড-১৯ৰ সপ্তমটো পৰীক্ষাগাৰ লাভ কৰিলে অসমে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(আই চি এম আৰ)-এ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালক ক'ৱিড-১৯ৰ ৰাজ্যৰ সপ্তমটো পৰীক্ষাগাৰৰূপে স্বীকৃতি প্ৰদান কৰিছে।বুধবাৰে টুইটাৰত এই কথা প্ৰকাশ কৰে স্বাস্ব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে এতিয়াৰে পৰা এ এম চিতো ক'ৱিড-১৯ৰ নমুনা পৰীক্ষা কৰা হব। ইপিনে, অসমত কালিৰ দিনটোত দুজন ক'ৱিড-১৯ আক্ৰান্ত ধৰা পৰে। ফলত ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৪জন হৈছে। যোৱা নিশা স্বাস্থ্য মন্ত্ৰী শৰ্মাই এই কথা সদৰী কৰি কয় যে আক্ৰান্ত ব্যক্তি দুজন গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ। কালি সন্ধিয়া তেওঁলোকৰ শৰীৰত ক'ৱিড-১৯ৰ উপস্থিতি নিশ্চিত কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি পাইছে। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই টুইটাৰত কয়,' গোৱালপাৰাত আৰু এজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছ ধৰা পৰিছে। যিহেতু লোকজন কন্টেনমেন্ট জ'নত পোৱা গৈছে, সেয়ে শংকিত হোৱাৰ প্ৰয়োজন নাই।' ইয়াৰ কিছু সময়ৰ পাছতে তেওঁ কোকৰাঝাৰৰ আক্ৰান্তজনৰ কথা সদৰী কৰে।

আৰু পঢ়িব পাৰেঃ ক'ৰ'নাৰ প্ৰতিষেধক উদ্ভাৱনত বৃহৎ অগ্ৰগতি ইজৰাইলী চিকিৎসা বিজ্ঞানীৰ

Next Story