কামাখ্যা মন্দিৰত আশীৰ্বাদ ললে অনন্ত আম্বানীয়ে

মন্দিৰ ভ্ৰমণৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও এখন বৈঠকত বহিল অনন্ত আম্বানীয়ে।
কামাখ্যা মন্দিৰত আশীৰ্বাদ ললে অনন্ত আম্বানীয়ে
Published on

গুৱাহাটীঃ সোমবাৰে ২৩ জানুৱাৰীত গুৱাহাটীত উপস্থিত হয় মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী। মা কামাখ্যাৰ পৰা আশীৰ্বাদ বিচৰাৰ উদ্দেশ্যে অনন্তই শক্তিশালী নিৰাপত্তাৰ মাজত নীলাচল পাহাৰৰ শিখৰত থকা কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে। খবৰ অনুসৰি অনন্ত আম্বানীয়ে মন্দিৰ ভ্ৰমণৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক বৈঠকত বহিল।

উল্লেখযোগ্য যে, আম্বানী পৰিয়াল কামাখ্যা মন্দিৰৰ লগত বহুদিনৰ পৰাই জড়িত হৈ আছে। ২০২০ চনত মুকেশ আম্বানীৰ ৰিলায়েন্স লিমিটেডে ১৯ কেজি সোণ দান কৰিছিল, যাৰ সহায়ত মূল গম্বুজটো স্থাপন কৰা হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com