অসমৰ কা-আন্দোলনক নাটক আখ্যা আঙুৰলতা ডেকাৰ

বিজেপি নেত্ৰীগৰাকীয়ে পুনৰ কয় যে কা-আন্দোলন কৰা বহুজনে বিজেপিত যোগদান কৰিলে।
অসমৰ কা-আন্দোলনক নাটক আখ্যা আঙুৰলতা ডেকাৰ

অসমত হোৱা নাগৰিকত্ব (সংশোধনী) আইনবিৰোধী প্ৰতিবাদক নাটক আছিল অভিহিত কৰিছে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। কা-বিৰোধী আন্দোলনৰ নেতৃবৰ্গক সমালোচনা কৰি জ্যেষ্ঠ বিজেপি নেত্ৰীগৰাকীয়ে কয় যে অসমৰ ৰাইজে আন্দোলন নহয়, উন্নয়নহে বিচাৰে।

সদ্য-সমাপ্ত উপ-নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি বাকপটু বিজেপি নেত্ৰীগৰাকীয়ে লগতে কয়, " উপ-নিৰ্বাচনত কি হল সকলোৱে  দেখিলে। আমি ৰাইজৰ পৰা অভাৱনীয় সমৰ্থন পালো। গতিকে ৰাইজে স্পষ্ট কৰি দিছে যে ৰাইজে আন্দোলন নহয়, উন্নয়নহে বিচাৰে।"

বিজেপি নেত্ৰীগৰাকীয়ে পুনৰ কয় যে কা-আন্দোলন কৰা বহুজনে বিজেপিত যোগদান কৰিলে। গতিকে অসমত কা-আন্দোলন নাটকৰ বাহিৰে একো নাছিল বুলি তেওঁ মন্তব্য কৰে।  উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনত ডেকা কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পাৰজিত হয়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com