ক'ৰ'নাবিৰোধী যুঁজত জয় লাভ ৮০বছৰীয়া অনিমা বড়োৰ

সকলোৰে ধাৰণা ভুল প্ৰমাণিত কৰি বৃদ্ধাগৰাকী সুস্থ হৈছে। কালি তেওঁৰ নমুনা পৰীক্ষাত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল।
ক'ৰ'নাবিৰোধী যুঁজত জয় লাভ ৮০বছৰীয়া অনিমা বড়োৰ
Published on

সৰ্বত্ৰে সংক্ৰমণ ঘটা ক'ৰ'না মহামাৰীক লৈ বহু লোক আতংকিত হোৱাৰ সময়তে এক স্বস্তিৰ বতৰা! এই মহামাৰীত আক্ৰান্ত এগৰাকী ৮০ বছৰীয়া বৃদ্ধা সুস্থ হৈছে। প্ৰবল মনোবল আৰু আত্মবিশ্বাসৰ বলত ক'ৰ'নাবিৰোধী যুঁজত অনিমা বড়ো নামৰ বৃদ্ধাগৰাকীয়ে জয়লাভ কৰিছে। তেওঁ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন হৈ আছিল।প্ৰাপ্ত তথ্য অনুসৰি সংশ্লিষ্ট চিকিত্সকেও বড়োক লৈ আশা হেৰুৱাই পেলাইছিল। কিন্তু সকলোৰে ধাৰণা ভুল প্ৰমাণিত কৰি বৃদ্ধাগৰাকী সুস্থ হৈছে। কালি তেওঁৰ নমুনা পৰীক্ষাত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল। সেই সূত্ৰে তেওঁক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে।

এই কথা সদৰী কৰি এটা টুইটত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শেহতীয়া নমুনা পৰীক্ষাত নিগেটিভ পোৱাৰ পাছত ৮০ বছৰীয়া অনিমা বড়োক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে। অসুস্থ হৈ থকাৰ সময়ত তেওঁৰ অৱস্থা জটিল আছিল।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com