গুৱাহাটীত বন গাহৰিৰ আক্ৰমণত প্ৰত্নতত্ব কৰ্মচাৰীৰ মৃত্যু

লগে লগে তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিত্সাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
গুৱাহাটীত বন গাহৰিৰ আক্ৰমণত প্ৰত্নতত্ব কৰ্মচাৰীৰ মৃত্যু

বন গাহৰিৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ এজন কৰ্মচাৰীয়ে। প্ৰাপ্ত তথ্য অনুসৰি যোৱা শনিবাৰে অসম চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ পাঁচজন কৰ্মচাৰীক গুৱাহাটীৰ আমবাৰী অঞ্চলত এটা বন গাহৰিয়ে আক্ৰমণ কৰে। এই আক্ৰমণত মল্টেশ আলী নামৰ কৰ্মচাৰীজন গুৰুতৰভাবে আহত হয়। লগে লগে তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিত্সাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।

আনহাতে, বন গাহৰিটো পাছত স্থানীয় লোক বধ কৰে। ইয়াৰ পূৰ্বে গাহৰিটোৰ বিচৰণ সম্পৰ্কে গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াই বন বিভাগক অৱগত কৰে যদিও বনৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে স্থানীয় লোকে গাহৰিটো বধ কৰে।ইতিমধ্যে আলীৰ নশ্বৰদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত কৰ্তৃপক্ষই পৰিয়ালৰ লোকক গতাই দিছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com