Begin typing your search above and press return to search.

আজি নিশা অসম পাবহি আঠশ ৰেলযাত্ৰীঃ মন্ত্ৰী শৰ্মা

২১৯ জন আৰু মিজোৰাম অভিমুখী কৃষক শ্ৰমিক ৰেলত অসমৰ ৬২৫ জন যাত্ৰী আহিছে

আজি নিশা অসম পাবহি আঠশ ৰেলযাত্ৰীঃ মন্ত্ৰী শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 May 2020 3:52 PM GMT

আজি নিশা অসম পাবহি আঠশ ৰেলযাত্ৰীঃ মন্ত্ৰী শৰ্মা

আজি বৃহস্পতিবাৰে নিশা অসমত উপস্থিত হ'বহি প্ৰায় আঠশ ৰেলযাত্ৰী। দুখন ৰেলত এইসকল লোক অসমলৈ আহি আছে। ইয়াৰে দিল্লী-ডিব্ৰুগড় ৰেলত ২১৯ জন আৰু মিজোৰাম অভিমুখী কৃষক শ্ৰমিক ৰেলত অসমৰ ৬২৫ জন যাত্ৰী আহিছে। এইসকল যাত্ৰীয়ে ৰাজ্যৰ বিভিন্ন স্থানৰ ষ্টেচনত নামিব। তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব সংশ্লিষ্ট চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে। এয়া এক প্ৰত্যাহ্বানজনক কাম হব বুলি মন্ত্ৰীজনে সদৰী কৰে। ইয়াৰ পূৰ্বে আজি ডিব্ৰুগড়ত উপস্থিত হ'ল দিল্লীৰ পৰা অহা বিশেষ ৰাজধানী ৰেলখন ৷ যোৱা ১২মে'ত ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ কৰা ৰেলখনে আজি পুৱা ৭-৩০বজাত ডিব্ৰুগড় ৰেল ষ্টেচনত প্ৰৱেশ কৰে ।দীঘলীয়া যাত্ৰাৰ অন্তত অন্তিম স্থানত ২৬১জন যাত্ৰী নামে ৷ এই ২৬১যাত্ৰীৰ ৭৪জন ডিব্ৰুগড়ৰ, ১৯জন লখিমপুৰৰ, ৯৭জন তিনিচুকীয়াৰ, ২৮জন ধেমাজিৰ, পাঁচজন শিৱসাগৰৰ, চাৰিজন বিশ্বনাথৰ আৰু ২১ জন চৰাইদেউ জিলাৰ ৷ তদুপৰি ১৩জন চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৷ এই সম্পৰ্কত ৰেলৱেৰ এক সূত্ৰই জনোৱা মতে, লামডিং ষ্টেচনত ৰেলখনৰ পৰা নামে ৪৪জন যাত্ৰীয়ে ৷ এই যাত্ৰীসকলৰ মাজত ১৬জন লামডিঙৰ, আঠজন হোজাইৰ, ছজন কাৰ্বি আংলঙৰ, সাতজন ডিমা হাছাউৰ, পাঁচজন বিশ্বনাথৰ আৰু এজন মৰিগাঁও জিলাৰ মোৰাঝাৰৰ ৷ এই যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ পাছত যাবলৈ দিয়া হয় ৷ এই বিশেষ ৰেলে যাত্ৰাৰ সময়ত অসমৰ পাঁচ ঠাইত ক্ৰমে কোকৰাঝাৰ, গুবাহাটী, লামডিং, মৰিয়নি আৰু ডিব্ৰুগড়ত ৰখায় ৷

আৰু পঢ়িব পাৰেঃ ডিব্ৰুগড়ত উপস্থিত দিল্লীৰ পৰা অহা বিশেষ ৰাজধানী ৰেল

Next Story