নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিল্পী সমাজৰ প্ৰতিবাদ,  উদয় শংকৰে ওভতাই দিলে ৰাজ্যিক চলচ্চিত্ৰ বঁটা

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিল্পী সমাজৰ প্ৰতিবাদ,  উদয় শংকৰে ওভতাই দিলে ৰাজ্যিক চলচ্চিত্ৰ বঁটা
Published on

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিল্পী সমাজৰ প্ৰতিবাদ, উদয় শংকৰে ওভতাই দিলে ৰাজ্যিক চলচ্চিত্ৰ বঁটা। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। অসমৰ শিল্পী সমাজ, দল সংগঠনকে ধৰি আন হেজাৰ হেজাৰ লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে । আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত শিল্পী সমাজে সাব্যস্ত কৰে প্ৰতিবাদ। এই খেল পথাৰত শিল্পী সমাজে গীত মাত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদী জুবিন গাৰ্গ, প্ৰস্তুতি পৰাশৰকে ধৰি আন বহু অভিনেতা অভিনেত্ৰীকে ধৰি আন বহু লোক উপস্থিত থাকে।

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ন্যায়লয়ৰ কাষ চপাৰ কথা কয় । লগতে কয় যে ভাৰত এখন এনেকুৱা দেশ য'ত ডেৰশ মানুহ মৰাৰ পিছতো তাক ফাঁচী দিবলৈ ১৫ বছৰ লাগে । আমি একেলগে থাকিম একেলগে যুদ্ধ কৰিম । আৰু সোনকালে নাগৰিকত্ব সংশোধনী আইন আঁতৰ কৰিম বুলি কয় জুবিন গাৰ্গে।

লগতে এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয় যে আজি হাজাৰ হাজাৰ মানুহ নিজৰ আত্মাৰ বাবে ওলাই আহিছে, নিজৰ চেতনাৰ বাবে ওলাই আহিছে। আমি পঢ়া শুনা কৰিব লাগিব, শিল্পকৰ্ম ও কৰিব লাগিব লগতে নিজৰ চেতনাকো জাগ্ৰত কৰিব লাগিব বুলি কয় অভিনেত্ৰী গৰাকীয়ে। লগতে অভিনেত্ৰী গৰাকীয়ে মূলগাভৰু নাটক খনৰ সংলাপো আওৰালে এই কাৰ্যসূচীত ।

কৰিঅ'গ্ৰফাৰ উদয় শংকৰেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি । এই আইন খনৰ বিৰোধিতা কৰি উদয় শংকৰে ওভতাই দিয়ে দুটাকৈ ৰাজ্যিক চলচ্চিত্ৰ বঁটা। চান্দমাৰীত হৈ থকা শিল্পী সমাজৰ প্ৰতিবাদত এই কথা ঘোষণা কৰে কৰিঅ'গ্ৰফাৰ উদয় শংকৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : RD Junior College Students Stage Massive Protest against CAB

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com