অৰুণাচল প্ৰদেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যাই এহেজাৰ অতিক্ৰমিলে

এই নতুন ক’ৰ’না আক্ৰান্ত কেইজনৰ মাজত ৩৩জন সুৰক্ষা কৰ্মীও আছে।
অৰুণাচল প্ৰদেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যাই এহেজাৰ অতিক্ৰমিলে
Published on

ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত আক্ৰান্তৰ সংখ্যাই সম্প্ৰতি অৰুণাচল প্ৰদেশত এহেজাৰৰ ঘৰক অতিক্ৰম কৰিলে। ইয়াৰ কাৰণ হৈছে আজি পাহাৰীয়া ৰাজ্যখনত নতুনকৈ ৬৫জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। এই নতুন ক'ৰ'না আক্ৰান্ত কেইজনৰ মাজত ৩৩জন সুৰক্ষা কৰ্মীও আছে।

এই কথা সদৰী কৰি ৰাজ্যিক নিৰীক্ষণ বিষয়া ডাঃ এল লাম্পাই কয় যে এই নতুন ক'ৰ'না আক্ৰান্তৰসকলৰ ৩০জন পাপুম পাৰে জিলাৰ, পাঁচজন টিৰাপৰ, তিনি জন লোহিত জিলাৰ, দুজন নামনি দিবাং উপত্যকাৰ, এজন নামছাইৰ আৰু আনজন পশ্চিম কামেঙৰ।আন ২৩ জন ৰাজধানী চৌহদ অঞ্চলৰ। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com